ETV Bharat / state

নিখিল বড়ো ছাত্ৰ সন্থাৰ 53 সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ সামৰণি

গহপুৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ 53 সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ সামৰণি ৷ অধিবেশনৰ মুকলি সভাত ৰিপুণ বৰাক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি বুলি নাভাবো বুলি মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ আনহাতে অখিল গগৈয়ে নিৰ্বাচন খেলাৰ সন্দৰ্ভত তাচ্চিল্য সূচক মন্তব্য মন্ত্ৰী গৰাকীৰ ৷

author img

By

Published : Jan 31, 2021, 9:33 PM IST

53rd-annual-conference-of-absu-end-at-gohpur
নিখিল বড়ো ছাত্ৰ সন্থাৰ 53 সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ সামৰণি

বিশ্বনাথ,31 জানুৱাৰী: যোৱা 29 জানুৱাৰীৰ পৰা গহপুৰৰ মুং খুলুং পথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা 53 সংখ্যক নিখিল বড়ো ছাত্র সন্থাৰ কেন্দ্ৰীয় অধিবেশনত অন্তিম দিনৰ মুকলি সভাত উপস্থিত থাকে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ সভাৰ অন্তত সাংবাদিকৰে হোৱা কথা-বাৰ্তাত হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে,তেঁও ৰিপুণ বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি বুলি নাভাবে ৷ লগতে গহপুৰত ৰিপুণ বৰাই নিৰ্বাচনত জয়ী হৈ দেখুৱাওক, তাৰ পাছত বাকী কথাবোৰ হ'ব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু 100+ আসন লাভ কৰা সম্পৰ্কত বিশেষ মন্তব্য দিয়াৰ পৰা বিৰত থাকিল মন্ত্ৰী গৰাকী ৷ আনহাতে অখিল গগৈয়ে শিৱসাগৰৰ পৰা নিৰ্বাচন খেলাৰ সম্পৰ্কত তাচ্ছিল্য সূচক মন্তব্য কৰে নেতা গৰাকীয়ে ৷

উল্লেখ্যে যে,নিখিল বড়ো ছাত্র সন্থাৰ কেন্দ্ৰীয় অধিবেশনত অন্তিম দিনটোৰ অনুষ্ঠানৰ মুকলি সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত থাকে সাহিত্যিক য়েচে দৰ্জী ঠংচি, প্ৰাক্তন সাংসদ ইউ জি ব্ৰহ্ম, বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, শিক্ষাবিদ অৰূপ জ্যোতি চৌধুৰী, বিটিআৰৰ অধ্যক্ষ কালিৰাম বড়ো, অৰুণাচল প্ৰদেশৰ আপছুৰ প্ৰাক্তন উপদেষ্টা নিনা খাদু, ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংঘাল আৰু গহপুৰৰ বিধায়ক উৎপল বৰা ৷

অধিৱেশন খনলৈ মুখ্যমন্ত্ৰী অহাৰ কথা আছিল যদিও অন্তিম মূহুৰ্তত বাতিল হয় কাৰ্যসূচী ৷ ইপিনে, দেওবাৰৰ অন্তিম খন প্ৰতিনিধি সভাত গঠন হয় এৱছুৰ নতুন সমিতি খন । দীপেন বড়োক সভাপতি আৰু খনিন্দ বসুমতাৰীক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰি 27 জনীয়া কেন্দ্ৰীয় সমিতি খন গঠন কৰা হয় ।

লগতে পঢ়কঃ বিজেপিৰ লক্ষ্য 100+, আমাৰ লক্ষ্য 101+ : প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.