ETV Bharat / state

জুবিন গাৰ্গক পুৰুষোত্তম দাস বঁটা প্ৰদান - বৰপেটা

চাউলখোৱা মহোৎসৱত পুৰুষোত্তম দাস বঁটা গ্ৰহণ কৰি বৰপেটাবাসীক ধন্যবাদ জুবিন গাৰ্গৰ ৷ পুৰুষোত্তম দাসৰ নামত প্ৰদান কৰা এই বঁটা গ্ৰহণ কৰি আনন্দিত হোৱা বুলি প্ৰকাশ কৰিলে জুবিন গাৰ্গে ৷

জুবিন গাৰ্গলৈ পুৰুষোত্তম দাস বঁটা প্ৰদান
author img

By

Published : Mar 19, 2019, 1:09 PM IST

বৰপেটা, ১৯ মাৰ্চঃ সোমবাৰে বৰপেটাৰ চাউলখোৱা মহোৎসৱত নিশা জুবিন গাৰ্গক প্ৰদান কৰা হয় পুৰুষোত্তম দাস বঁটা ।

জুবিন গাৰ্গলৈ পুৰুষোত্তম দাস বঁটা প্ৰদান
অসমীয়া লোকসংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে গীতিকাৰ আৰু সুৰকাৰ পুৰুষোত্তম দাসৰ নামত প্ৰদান কৰা এই বঁটা গ্ৰহণ কৰি আনন্দিত হোৱা বুলি প্ৰকাশ কৰিলে জুবিন গাৰ্গে ৷ ইপিনে বঁটা গ্ৰহণ কৰিবৰপেটাবাসীক ধন্যবাদ আৰু শুভকামনা জনায় জুবিনে ৷

উল্লেখ্য যেসাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰপেটাৰ চাউলখোৱা নদীৰ পাৰত অনুষ্ঠিত হোৱা চাউলখোৱা মহোৎসৱত বঁটা গ্ৰহণ কৰি সোমবাৰে নিশা কেইবাটাও জনপ্ৰি়য় গীত পৰিবেশন কৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে ।

Slug:      A_BAR_19MARCH_801TO804_ZUBEEN_AT_BARPETA_VIS+BITE_BAPKAN_DAS                     

 বৰপেটাৰ চাউলখোৱা মহোৎসৱত জুবিন গাৰ্গক পুৰুষোত্তম দাস বঁটা প্ৰদানঃ
জুবিনে কলে- নিৰ্বাচন মই বেয়া পাও ৷

বৰপেটা, ১৯ মাৰ্চঃ শংকৰ-মাধৱ গুৰুদুজনাৰ পদৰেণুৰে ৰঞ্জিত ঐতিহ্যনগৰী বৰপেটাৰ মহান পুৰুষসকলৰ ভিতৰত পুৰুষোত্তম দাস অন্যতম ৷ অসমীয়া লোকসংগীতৰ প্ৰচাৰ, প্ৰসাৰৰ লগতে ৰাজ্যখনৰ লোকসংগীতসমুহ উদ্ধাৰ আৰু সংৰক্ষনৰ কামতে সমৰ্পিত  পুৰুষোত্তম দাস একেধাৰে গায়ক, গীতিকাৰ আৰু সুৰকাৰ হিচাপেও অসমীয়া সংগীতক সমৃদ্ধ কৰি থৈ গৈছে ৷ শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উছৱৰ মহা আলোড়ন গীতেৰে জাতীয় জীৱনক আলোড়িত কৰা বৰপেটাৰ এই কৃতবিদ্য সন্তান পুৰুষোত্তম দাসৰ স্মৃতিত বৰপেটাৰ চাউলখোৱা মহোৎসৱ উদযাপন সমিতিয়ে আৰম্ভ কৰিছে এক বঁটা ৷ চাউলখোৱা মহোৎসৱত সোমবাৰে নিশা জুবিন গাৰ্গক প্ৰদান কৰা হয় পুৰুষোত্তম দাস বঁটা ৷ চাউলখোৱা মহোৎসৱ উদযাপন সমিতিয়ে প্ৰথমবাৰৰ বাবে জুবিন গাৰ্গক প্ৰদান কৰে এই সন্মানীয় বঁটা ৷ এগৰাকী মহান অসমীয়া শিল্পীৰ নামত প্ৰদান কৰা এই বঁটা গ্ৰহন কৰি আনন্দিত বুলি কলে জনপ্ৰিয় শিল্পীগৰাকীয়ে ৷ লগতে বৰপেটাবাসীক মৰম ধন্যবাদ আৰু শুভকামনা জনায় ৷ ৰাজনৈতিক বক্তব্যৰে সদায়েই চৰ্চাত থকা শিল্পীগৰাকীক সোধা হৈছিল আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত অসমৰ ৰাইজক কি কব ৷ জুবিন গাৰ্গে কলে- মই ইলেকচন ভাল নাপাও ৷

বাইটঃ জুবিন গাৰ্গ ৷

সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰপেটাৰ চাউলখোৱা নদীৰ পাৰত অনুষ্ঠিত হোৱা চাউলখোৱা মহোৎসৱত বঁটা গ্ৰহন কৰি সোমবাৰে নিশা কেবাটাও জনপ্ৰি়য় গীত পৰিবেশন কৰে অসমীয়াৰ হৃদয়ৰ মণি শিল্পীগৰাকীয়ে ৷ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ শিল্পীগৰাকীৰ সৈতে ভানুপ্ৰিয়া নামৰ শিল্পীগৰাকীয়েও কন্ঠদান কৰে ৷ এই অনুষ্ঠানতে জুবিন গাৰ্গে মাতৃসকলক লৈ লিখা গাণ এটাও পৰিবেশন কৰে ৷ জুবিনে কলে- মাক লৈ সকলোৱে দুখৰ গান লিখে,  মই এটা স্ফূৰ্তিৰ গান লিখিছো বুলি কৈ পৰিবেশন কৰে নতুন গানটো ৷

আনহাতে পূৰ্বৰ দৰেই  সোমবাৰৰ সংগীত সন্ধিয়াতো অগনন শ্ৰোতা দৰ্শকক উদ্দেশ্যি জুবিনে আওৰালে নৱতম ছবি কাঞ্চনজংঘাৰ সংলাপ-- মোৰ কোনো জাতি নাই, মোৰ কোনো ভাষা নাই, মোৰ কোনো ধৰ্ম নাই;  মই কাঞ্চনজংঘা.... ৷ অগনন শ্ৰোতা, দৰ্শক উপস্থিত থকা সোমবাৰৰ এই সংগীক সন্ধিয়াত জুবিন গাৰ্গে ৭ বজাত উপস্থিত থকাৰ কথা আছিল যদিও নিশা প্ৰায় ১২-২৫ বজাতহে অনুষ্ঠানত উপস্থিত হয় জনপ্ৰিয় শিল্পীগৰাকী ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.