ETV Bharat / state

সৰভোগ ষ্টেডিয়ামত উন্নত সুবিধাৰে জ'নেল স্ক্ৰীনিং চেন্টাৰ মুকলি ! - corona virus

সৰভোগত বৃহস্পতিবাৰে জ'নেল স্ক্ৰীনিং চেন্টাৰ মুকলি ৷ বহিঃৰাজ্যৰ পৰা অহা সকলো লোকক সৰভোগৰ ষ্টেডিয়ামত স্থাপিত এই স্ক্ৰীনিং চেন্টাৰত ৰাখি স্ক্ৰীনিঙৰ উপৰি স্বাৱ সংগ্ৰহ কৰাৰ অন্তত জিলাখনত থকা 40 টা কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব ৷

zonal screening center
zonal screening center
author img

By

Published : Jun 5, 2020, 2:07 AM IST

বৰপেটাৰোড 4 জুন : বৰপেটাৰ সৰভোগত বৃহস্পতিবাৰে জ'নেল স্ক্ৰীনিং চেন্টাৰ মুকলি কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰপেটা জিলা ভিত্তিত এই স্ক্ৰীনিং চেন্টাৰৰ ব্যৱস্থা কৰাৰ কথা জানিবলৈ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগৰ বিধায়কগৰাকীয়ে ৷ তেখেতে লগতে কয় যে, বহিঃৰাজ্যৰ পৰা অহা সকলো লোকক সৰভোগৰ ষ্টেডিয়ামত স্থাপিত এই স্ক্ৰীনিং চেন্টাৰত ৰাখি স্ক্ৰীনিঙৰ উপৰি স্বাৱ সংগ্ৰহ কৰাৰ অন্তত জিলাখনত থকা 40 টা কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব ৷

সৰভোগ ষ্টেডিয়ামত উন্নত সুবিধাৰে জ'নেল স্ক্ৰীনিং চেন্টাৰ মুকলি !

সৰভোগৰ এই জ'নেল স্ক্ৰীনিং চেন্টাৰত বহিঃৰাজ্যৰ পৰা অহা লোকক খাদ্য গ্ৰহণৰো ব্যৱস্থা কৰা হৈছে বুলিও উল্লেখ কৰে দাসে ৷ এতিয়াৰ পৰা স্ক্ৰীনিং বা পঞ্জীয়নৰ বাবে লোকসকলে শাৰী পাতি ঠিয় হৈ থাকিব নালাগে বুলিও জানিবলৈ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতিজনে ৷ সৰভোগৰ বৰনগৰ কলেজত যোৱা ২৬ মে'ৰ পৰা কোৱাৰেন্টাইন হৈ থকা তিনিজন লোকৰ স্বাৱ পৰীক্ষাত কৰ'ণা ধৰা পৰাত বৃহস্পতিবাৰে বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰোৱা হয়।

ইপিনে বৰপেটাৰ বিভিন্ন কোৱাৰেন্টাইন চেন্টাৰৰ পৰা ক'ভিড-১৯ৰ ফলাফল নিগেটিভ হোৱা বাবে বৃহস্পতিবাৰে ২১৮ জন লোকক প্ৰতিষ্ঠানিক কোৱাৰেন্টাইনৰ পৰা হোম কোৱাৰেন্টাইনলৈ যাবলৈ দিয়া হৈছে বুলিও জানিবলৈ দিয়ে ৷ জ'নেল স্ক্ৰীনিং চেন্টাৰ মুকলি অনুষ্ঠানত এ পি ডি চি এলৰ অধ্যক্ষ শংকৰ দাস বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, স্বাস্থ্য বিভাগৰ বৰপেটাৰ যুটীয়া সঞ্চালক, বৰপেটাৰ তিনিগৰাকীকৈ অতিৰিক্ত উপায়ুক্ত আৰু বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সান্তনা বৰা উপস্থিত থাকে ৷

লগতে পঢ়ক : বৰপেটাৰোডত এদিন পূৰ্বে পালন বিশ্ব পৰিৱেশ দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.