ETV Bharat / state

কলগাছিয়াৰ তিতাপানীত যুৱকৰ আত্মহত্যা

author img

By

Published : Jun 26, 2022, 6:36 PM IST

বৰপেটাৰ কলগাছিয়াৰ তিতাপানীত চিপ লৈ যুৱকৰ আত্মহত্যা । আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই ।

barpeta
কলগাছিয়াৰ তিতাপানীত যুৱকৰ আত্মহত্যা

কলগাছিয়া, ২৬ জুন : বৰপেটা জিলাৰ কলগাছিয়াৰ তিতাপানীত অঘটন । কলগাছিয়াৰ তিতাপানীত চিপ লৈ এজন যুৱকে আত্মহত্যা কৰে । বৰ্তমানলৈকে আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই (youth committed suicide in kalgachia) ।

ঘটনাৰ বিৱৰণী অনুসৰি কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত তিতাপানী গাঁৱৰ জুৰান আলীৰ পুত্ৰ ৱাজেদ আলীয়ে শোৱনি কোঠাৰ ভিতৰত ডিঙিত চিপ লৈ আত্মহত্যা কৰে । উল্লেখ্য় যে, যুৱকজনে নিশাৰ ভাগত ভাত-পানী খাই শুই আছিল যদিও পুৱা বিছনাৰ পৰা উঠি নহাত পৰিয়ালৰ লোকৰ সন্দেহ ওপজে (youth committed suicide) ।

পিছত পৰিয়ালৰ লোকে দৰ্জা ভাঙি ভিতৰত প্ৰৱেশ কৰি চিপলৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে যুৱকজনক । লগে লগে পৰিয়ালৰ লোকে বৰভিটা আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ প্ৰেৰণৰ ব্য়ৱস্থা কৰে ।

লগতে পঢ়ক: কলগাছিয়াত বিধায়ক-সাংসদৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.