ETV Bharat / state

আৰক্ষীৰ জালত ৰাম সেনা অসমৰ প্ৰতিষ্ঠাপক যোগী দেৱজিৎ ডেকা - barpeta

আৰক্ষীৰ জালত ৰাম সেনা অসমৰ প্ৰতিষ্ঠাপক
author img

By

Published : Jun 22, 2019, 1:09 PM IST

Updated : Jun 22, 2019, 4:20 PM IST

2019-06-22 12:46:32

আৰক্ষীৰ জালত ৰাম সেনা অসমৰ প্ৰতিষ্ঠাপক যোগী দেৱজিৎ ডেকা

বৰপেটা, ২২ জুন : অৱশেষত আৰক্ষীৰ জালত পৰিল ৰাম সেনা অসমৰ প্ৰতিষ্ঠাপক যোগী দেৱজিৎ ডেকা। বৰপেটা আৰক্ষীয়ে শুকুৰবাৰে নিশা মহানগৰীৰ পৰা আটক কৰে যোগী দেৱজিৎ ডেকাক । আটকাধীন দেৱজিৎ ডেকাক আজি বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পাচতে আদালতে ৰাম সেনাৰ প্ৰতিষ্ঠাপকজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। কিছু দিন পূৰ্বে বৰপেটা চহৰত মুছলমান যুৱক কেইজনমানক আক্ৰমণৰ ঘটনাৰ স'তে জড়িত আছিল দেৱজিৎ ডেকা ৷ কেইজনমান মুছলমান যুৱকক জয় শ্ৰীৰাম ধ্বনি দিবলৈ বাধ্য কৰাইছিল ৰামসেনাৰ কৰ্মীয়ে। ইয়াৰোপৰিও এখন অটোৰে গৈ থকা মুছলমান যুৱককেইজনক বাট আগচি ধৰি মাৰপিট কৰিছিল ৰামসেনাৰ উদণ্ড কৰ্মীয়ে। আৰু এই সমগ্ৰ ঘটনা যোগী দেৱদিৎ ডেকাই ফেচবুকযোগে প্ৰচাৰ কৰিছিল। তাৰপিচতেই এই ঘটনাক লৈ সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰীয়াৰ সৃষ্টি হৈছিল ৷

সাম্প্ৰদায়িক বিষবাস্প বিয়পাব খোজা ঘটনাটোত জড়িত দেৱজিৎ ডেকাৰ বিৰুদ্ধে আমছুৰ বৰপেটা জিলা সমিতিয়ে এক গোচৰ ৰুজু কৰিছিল। আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু মুছলিম ছাত্ৰসন্থাৰ বৰপেটা জিলা সমিতিয়েও হাউলী থানাৰ আৰু বৰপেটা সদৰ থানাত দেৱজিৎ ডেকাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। বৰপেটা জিলা ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনেও ৰামসেনাৰ এনে বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহন বাবে আৰক্ষীক দাবী জনাই আহিছে। লগতে ঘটনাটোৰ সৈতে জড়িত আন অপৰাধীসকলক আটক কৰিবৰ বাবে আমছুৱে দাবী জনায় । 

Intro:Body:

RAMXENA ARREST

Conclusion:
Last Updated : Jun 22, 2019, 4:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.