বৰপেটা,28ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে বৰপেটাৰ কেওটকুছিৰ মহিলাসকলে দেশীয় সুৰাৰ বিপণী বন্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । দেশীয় সুৰাৰ দোকানে সামাজিক পৰিবেশ বিনষ্ট কৰা বুলি অভিযোগ কৰি মহিলাসকলে বহুসময় ধৰি বৰপেটা-হাজো-গুৱাহাটী পথ অৱৰোধ কৰি ৰাখে ।
বৰপেটাত সুৰা বিপণী বন্ধৰ দাবীত মহিলাৰ প্ৰতিবাদ - SHOP
বৰপেটা-হাজো-গুৱাহাটী পথ অৱৰোধ কৰি প্ৰতিবাদ
বৰপেটাত সুৰা বিপণী বন্ধৰ দাবীত মহিলাৰ প্ৰতিবাদ
বৰপেটা,28ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে বৰপেটাৰ কেওটকুছিৰ মহিলাসকলে দেশীয় সুৰাৰ বিপণী বন্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । দেশীয় সুৰাৰ দোকানে সামাজিক পৰিবেশ বিনষ্ট কৰা বুলি অভিযোগ কৰি মহিলাসকলে বহুসময় ধৰি বৰপেটা-হাজো-গুৱাহাটী পথ অৱৰোধ কৰি ৰাখে ।
Slug: A_BAR_28FEB_804_WOMEN_AGAINST_WINE_SHOP_VIS_BAPKAN_DAS
বৰপেটাৰ কেওটকুছিত দেশীয় সুৰাৰ দোকান বন্ধৰ দাবীত মহিলাৰ প্ৰতিবাদী ধৰ্ণাঃ
অবৰোধ কৰিলে বৰপেটা-হাজো-গুৱাহাটী পথ ৷
বৰপেটা,২৮ ফেব্ৰুৱাৰীঃ দেশীয় সুৰাৰ দোকানে পৰিবেশ কলুষিত কৰি তুলিছে বৰপেটা জিলাৰ কেওটকুছি গাৱৰ ৷ কেওটকুছি গাৱত কিছুমাহ পূৰ্বে দেশীয় সুৰাৰ এই বিপনীখনৰ অনুজ্ঞা দিছিল জিলা প্ৰশাসনে ৷ দেশীয় সুৰা বিপনীখন স্থানান্তৰৰ দাবীত আজি বৰপেটাৰ কেওটকুছিত ওলাই আহিল গাওখনৰ মহিলাসকল ৷ হাতে হাতে, প্লেকাৰ্ড লৈ ওলাই অহা মহিলা সকলে দেশীয় সুৰাৰ বিপনীখন স্থানান্তৰ কৰাৰ দাবীত কেওটকুছিত বৰপেটা-হাজো-গুৱাহাটী পথ অবৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ মহিলাসকলৰ এই পথ অবৰোধৰ ফলত গুৱাহাটী বৰপেটা পথত বহু যান বাহন আবদ্ধ হৈ পৰে ৷ মহিলাসকলে আহঐ আহ, ওলাই আহ, খেদঐ খেদ, মদ বেপাৰীক খেদ, মদৰ দোকান উচ্ছেদ কৰক, মদ বেপাৰী নিপাত যাওক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷
গাওখনৰ মহিলাসকলে সুৰা বিপনীখনৰ সন্মুখতো ধৰ্ণা প্ৰদৰ্শন কৰে ৷ উল্লেখ্য সুৰা বিপনীখন বন্ধৰ দাবীত পূৰ্বতেও কেওটকুছিৰ মহিলাসকলে পথ অবৰোধ কাৰ্যসূচী গ্ৰহন কৰিছিল ৷ কিন্তু সুৰা বিপনীখন বন্ধৰ ক্ষেত্ৰত গ্ৰহন নকৰিলে কোনো ব্যৱস্থা ৷ আজিৰ মহিলাৰ এই প্ৰতিবাদৰ পিচতে শুক্ৰবাৰে জিলা উপায়ুক্তই আলোচনাৰ বাবে মাতিছে প্ৰতিবাদকাৰী মহিলা সকলক ৷ আনহাতে সুৰা বিপনীখন স্থানান্তৰ নকৰিলে পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহনৰ সকিয়নি দিছে মহিলাসকলে ৷
--- বাপকন দাস, বৰপেটা ৷
ফুটেজ ftpত পঠোৱা হৈছে ৷