ETV Bharat / state

চোৰাংচোৱা নাছিল ধনজিৎ; উচুপি উচুপি ক’লে পত্নী সুমনে

author img

By

Published : May 8, 2022, 5:25 PM IST

‘‘চোৰাংচোৱা নাছিল ধনজিৎ দাস ৷ যদি ধনজিৎ চোৰাংচোৱা আছিল তাৰ প্ৰমাণ দিয়ক পৰেশ বৰুৱাই’’ ৷ এই দাবী ধনজিৎ দাসৰ পত্নী সুমন ডেকাৰ ৷

Dhanjit Das was not spy
চোৰাংচোৱা নাছিল ধনজিৎ : সুমন ডেকা

বৰপেটা, 8 মে’ : স্বামীক আলফা স্বাধীনে মৃত্যুদণ্ড দিয়াৰ খবৰ পোৱাৰে পৰা বিচনাত পৰি ৰৈছে ধনজিৎ দাসৰ পত্নী সুম ডেকা ৷ আনকি এটা খুদকনো পেটলৈ যোৱা নাই ধনজিৎ দাসৰ পত্নীৰ ৷ অভাৱ-অনাটনৰ মাজেৰে 4 বছৰীয়া সন্তানটোৰ সৈতে এটা কোঠালীৰ ঘৰত বাস কৰি আছিল ধনজিৎ দাসৰ পৰিয়ালটোৱে ৷

প্ৰায় তেৰ বছৰ ধৰি কাপোৰৰ দোকানত ছেলছমেন হিচাবে কাম কৰি ধনজিৎ দাসে আজিৰ তাৰিখত মাথো 6500 টকা দৰমহা লাভ কৰিছিল ৷ সেয়ে ধনজিৎ দাসৰ পত্নীৰ প্ৰশ্ন কৰিছে যে, যদিহে ধনজিৎ দাস আৰক্ষীৰ চোৰাংচোৱাই আছিল, তেন্তে ইমান অভাৱৰ মাজত কিয় থাকিব লাগিছিল পৰিয়ালটোৱে ?

স্বামীৰ মৃত্যুৰ বাতৰিত দিকবিদিক হেৰুৱাই শূন্য হৈ পৰা সুমন ডেকাই এতিয়া পৰেশ বৰুৱাৰ পৰা বিচাৰিছে সকলো তথ্য প্ৰমাণ ৷ কি প্ৰমাণৰ ভিত্তিত পৰেশ বৰুৱাই ধনজিৎ দাসক মৃত্যুদণ্ড বিহিলে(Dhanjit Das sentenced to death by ULFA independent), সেয়া প্ৰমাণ বিচাৰিছে ধনজিৎ দাসৰ পত্নীয়ে ৷

চোৰাংচোৱা নাছিল ধনজিৎ : সুমন ডেকা

লগতে পঢ়ক : Death Penalty by ULFA I: দুজন যুৱকক আলফা স্বাধীনে মৃত্যুদণ্ডৰ সম্পৰ্কত আৰক্ষীৰ নীৰৱ স্থিতি

ইপিনে ধনজিৎ দাসৰ পত্নীৰ দাবী, ‘‘চোৰাংচোৱা নাছিল ধনজিৎ ৷ হয়তো ঘৰৰ কথা, ঘৰ আৰু সন্তানটোৰ কথা ভাবি আলফা(স্বা)ৰ শিবিৰৰ পৰা ঘৰলৈ ঘূৰি আহিবলৈ বিচাৰিছিল তেওঁ ৷ কিন্তু সেই কাম কৰোতেই হয়তো আলফাই(স্বা) তেওঁক বন্দী কৰিছিল’’ ৷ সাংবাদিকৰ আগত এই কথা সদৰি কৰে ধনজিৎ দাসৰ পত্নীয়ে ৷

চোৰাংচোৱাৰ সন্দেহত মৃত্যুদণ্ড বিহাৰ কথাটোক সহজে মানি ল’ব পৰা নাই ধনজিতৰ পত্নীয়ে ৷ যদিহে ধনজিৎ দাস চোৰাংচোৱা আছিল, তেন্তে পৰেশ বৰুৱাক সেই প্ৰমাণ দাখিল কৰিবলৈ দাবী উত্থাপন কৰিছে ধনজিৎ দাসৰ পত্নী সুমন ডেকাই ৷

লগতে পঢ়ক : সঞ্জীৱ শৰ্মা আৰু ধনজিৎ দাসক মৃত্যুদণ্ড আলফা(স্বা)ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.