জনীয়া, 3 আগষ্ট : বৰপেটা জিলা (Barpeta District)ৰ কলগাছিয়াৰ টাপাজুলি পাথাৰ গাঁৱত কৃষি বান্ধ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি (Corruption)ৰ অভিযোগ ৰাইজৰ । নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰাকৈয়ে ধন আত্মসাৎ কৰা বুলি অভিযোগ তুলিছে ঠিকাদাৰ তথা পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে । ফলত যাতায়াতৰ ক্ষেত্ৰত যমৰ -যাতনা ভুগিবলগীয়া হৈছে ৰাইজে ।
উল্লেখযোগ্য যে, জনীয়া সমষ্টি (Jania Constituency)ৰ মন্দিয়া উন্নয়ণ খণ্ডৰ অন্তৰ্গত ৮৩ নং সোনাপুৰ-ৰুভি গাঁও পঞ্চায়তৰ পাথাৰ গাঁৱত এম.জি.এম.ৰেগা (MGNREGA ) আঁচনিৰ অধীনত চৰকাৰে এটা কৃষি বান্ধৰ কাম আৱন্টন দিয়ে ৷ উক্ত বান্ধটোৰ নিৰ্মাণৰ নামত ৩০ লাখ ২৬ হাজাৰ ৯৯৪ টকা আৱন্টন লাভ কৰে ঠিকাদাৰে ৷ প্ৰায় 31 লাখ টকা ব্যায় সাপেক্ষে এটা আৰ ছিছি (RCC) কালভাৰ্টসহ কৃষি বান্ধ নিৰ্মাণৰ আঁচনি আছিল ৷
লগতে পঢ়ক - লাফিকুল হত্যাৰ ন্যায়ৰ দাবীত প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ
কিন্তু দীৰ্ঘ দিনধৰি বান্ধটোৰ নিৰ্মাণৰ কামটো সম্পূৰ্ণ নকৰিলে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷ নিৰ্মাণৰ নামত নাম মাত্ৰ মাটি পেলায়েই দায়িত্ব সামৰাৰ অভিযোগ তোলে ৷ ইফালে কালভাৰ্টটো নিৰ্মাণ কৰাটো দূৰৈৰে কথা পথটোও অৰ্ধনিৰ্মিত কৰি দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে । অকল সেয়াই নহয়, পথটো বালি মাটিৰে নিৰ্মাণ কৰাত বানপানীৰ পূৰ্বেই জহি-খহি যাবলৈ ধৰাত ক্ষুব্ধ হৈ পৰিছে ৰাইজ ৷
সম্প্ৰতি কৃষি বান্ধ তথা পথটো নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰাত এখন টুলুঙা নাৱেৰেই যাতায়াত কৰিব লগা হৈছে টাপাজুলি পাথাৰ গাঁৱৰ ৰাইজে । ঠিকাদাৰৰ এনে মইমতালিৰ বিৰুদ্ধে সৰৱ হৈ ৰাইজে অতি শীঘ্ৰে এই পথটো নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ৷ লগতে উক্ত বিষয়টো তদন্ত কৰি ঠিকাদাৰ তথা পঞ্চায়তৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক - হোজাইত অব্যাহত HSLC ৰ ফলাফল বিতৰ্ক