ETV Bharat / state

জল সংকটত ভুগিছে বৰপেটা মেডিকেল কলেজ হাস্পতাল - বৰপেটা মেডিকেল কলেজ হস্পিতাল

বৰপেটা মেডিকেল কলেজ হাস্পতালত বন্ধ হৈ আছে পানীৰ যোগান ৷ এটুপি পানীৰ বাবে ৰোগী-অভিভাৱকৰ মাজত হাহাকাৰ পৰিস্থিতি

জলসংকটত ভোগিছে বৰপেটা মেডিকেল কলেজ হস্পিতালে
author img

By

Published : May 8, 2019, 5:12 PM IST

বৰপেটা, ৮ মে': বৰপেটা মেডিকেল কলেজ হাস্পতালত কালিৰে পৰা বন্ধ হৈ আছে পানীৰ যোগান ৷ যান্ত্ৰিক বিজুতিৰ বাবে মঙলবাৰৰ পৰা বন্ধ হৈ পৰিছে পানী উত্তোলন ব্যৱস্থা ৷ ফলত হাস্পতালখনত বন্ধ হৈ পৰিছে পানীৰ যোগান ৷ পানীৰ নাটনিক লৈ বৰপেটা মেডিকেল কলেজ হাস্পটালত হাহাকাৰ অৱস্থা ৰোগী আৰু অভিভাৱকৰ মাজত ৷ ৰোগীৰ অভিভাৱকে বাল্টিত ভৰাই বাহিৰৰ পৰা পানী আনিবলগীয়া হৈছে ৷ ৰোগীৰ ঔষধ অথবা পথ্যটো বাদেই,পানী টুপিক লৈ সৃষ্টি হোৱা সমস্যাই বৰপেটা মেডিকেল কলেজ হাস্পটালৰ ৰোগী আৰু অভিভাৱক সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷

জলসংকটত ভোগিছে বৰপেটা মেডিকেল কলেজ হস্পিতালে

আৰু পঢ়ক: মহানগৰীত ড্ৰাগছসহ মহিলা সৰবৰাহকাৰী গ্ৰেপ্তাৰ

অৱশ্যে এয়া অকল আজিৰ সমস্যাই নহয়, বৰপেটা মেডিকেল কলেজ হাস্পতালত পানীৰ সমস্যাক লৈ ৰোগীসকল দীৰ্ঘদিনধৰি সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ প্ৰায়ে হাস্পতালখনত নাটনি হয় পানী টুপিৰ ৷ আনকি হাস্পতালখনত সৃষ্ট অভাৱনীয় পানীৰ সংকটক লৈ মুখ খুলিলে স্বয়ং বৰপেটা মেডিকেল কলেজ কতৃপক্ষই ৷ ইপিনে হাস্পতালখনত পানী উত্তোলনৰ পৰ্যাপ্ত ব্যৱস্থা নথকাৰ কথা উল্লেখ কৰিলে বৰপেটা মেডিকেল কলেজ হাস্পতালৰ উপ অধীক্ষক ডাঃ তিলক পাঠকেও ৷ উপ অধীক্ষকগৰাকীয়ে বিকল্প পানী যোগান ব্যৱস্থা আৰম্ভ নকৰিলে হাস্পতালখনৰ পানীৰ সংকট দূৰ নহ'ব বুলি মন্তব্য কৰে ৷ হাস্পতালখনত দৈনিক যিমান পানীৰ প্ৰয়োজন হয়, উক্ত পৰিমাণৰ পানী উত্তোলনৰ কোনো ব্যৱস্থাই নাই ৷ আনহাতে, দিনত যিখিনি পানী উত্তোলন হয় সেয়াও নিমিষতে শেষ হৈ যোৱাৰ ফলত পানীৰ অভাৱ দূৰ নহয়গৈ ৷ পানীৰ সমস্যা সমাধানৰ বাবে হাস্পতালখনৰ মাথো ১০০ মিটাৰ আতৰেৰে বৈ যোৱা চাউলখোৱা নৈৰ পৰা পানী উত্তোলনৰ ব্যৱস্থা কৰিবলৈ হাস্পতাল কতৃপক্ষই ইতিমধ্যে বিভাগীয়ভাৱে দাবী জনাই আহিছে ৷ অন্যথা হাস্পটালখনৰ পানীৰ সমস্যা কোনোকালেই সমাধান নহ'ব ৷

ইপিনে কালিৰে পৰা পানী যোগান বন্ধ হৈ থকাৰ ফলত কেবাটাও ৱাৰ্ডত হাস্পতাল কতৃপক্ষই পানী ক্ৰয় কৰি চলাই থাকিবলগীয়া হৈছে চিকিৎসা সেৱা ৷ বৰপেটা মেডিকেল কলেজ হাস্পটালত পানীৰ নাটনিক লৈ চলি থকা সংকট সমাধানৰ ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব সমস্যাটোৰ সমাধান ৷

Slug: as_bar_8may_barpeta_medical_college_hospital_dose_not_sufficient_water_supply_vis1+bite5+photo2_7203841
বৰপেটা মেডিকেল কলেজ হস্পিটালত বন্ধ হৈ আছে পানীৰ যোগান ৷ 
ৰোগী-অভিভাৱকৰ মাজত হাহাকাৰ অৱস্থা

বৰপেটা, ৮ মে'ঃ 
বৰপেটা মেডিকেল কলেজ হস্পিটালত কালিৰে পৰা বন্ধ হৈ আছে পানীৰ যোগান ৷ যান্ত্ৰিক বিজুতিৰ  বাবে কালিৰেপৰা বন্ধ হৈ পৰিছে পানী উত্তোলন ব্যৱস্থা ৷ ফলত হস্পিটালখনত বন্ধ হৈ পৰিছে পানীৰ যোগান ৷ পানীৰ নাটনিক লৈ বৰপেটা মেডিকেল কলেজ হস্পিটালত হাহাকাৰ অৱস্থা ৰোগী আৰু অভিভাৱকৰ মাজত ৷ এয়া চাওক ৰোগীৰ অভিভাৱকে কিদৰে বাল্টিত  ভৰাই বাহিৰৰ পৰা আনিবলগীয়া হৈছে পানী ৷ ৰোগীৰ ঔষধ অথবা পথ্যটো বাদেই, পানীটুপিক লৈ সৃষ্টি হোৱা সমস্যাই বৰপেটা মেডিকেল কলেজ হস্পিটালৰ ৰোগী অভিভাৱক সকলৰ নাকনি-কাকনি অৱস্থাৰ সৃষ্টি হৈছে ৷ অবশ্যে এয়া অকল আজিৰ সমস্যাই নহয়, বৰপেটা মেডিকেল কলেজ হস্পিটালত পানীৰ সমস্যাক লৈ ৰোগীসকল দীৰ্ঘদিনধৰি সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ প্ৰায়ে হস্পিটালখনত নাটনি হয় পানীটুপিৰ ৷ আনকি হস্পিটালখনত সৃষ্ট অভাৱনীয় পানীৰ সংকটক লৈ মুখ খুলিলে স্বয়ং বৰপেটা মেডিকেল কলেজ কতৃপক্ষয়ো ৷ ইপিনে হস্পিটালখনত পানী উত্তোলনৰ পৰ্যাপ্ত ব্যৱস্থা নথকাৰ কথা উল্লেখ কৰিলে বৰপেটা মেডিকেল কলেজ হস্পিটালৰ উপ অধীক্ষক ডাঃ তিলক পাঠকেও ৷ উপ অধীক্ষকগৰাকীয়ে কলে- বিকল্প পানী যোগান ব্যৱস্থা আৰম্ভ নকৰিলে হস্পিটালখনৰ পানীৰ সংকট দূৰ নহব বুলিও তেও মন্তব্য কৰে ৷ হস্পিটালখনত দৈনিক যিমান পানীৰ প্ৰয়োজন হয়, উক্ত পৰিমানৰ পানী উত্তোলনৰ কোনো ব্যৱস্থাই নাই হস্পিটালখনত ৷ আনহাতে, দিনত যিখিনি পানী উত্তোলন হয় সেয়াও নিমিষতে শেষ হৈ যোৱাৰ ফলত পানীৰ অভাৱ দূৰ নহয়গৈ ৷ পানীৰ সমস্যা সমাধানৰ বাবে হস্পিটালখনৰ মাথো ১০০ মিটাৰ আতৰেৰে বৈ যোৱা চাউলখোৱা নৈৰ পৰা পানী উত্তোলনৰ ব্যৱস্থা কৰিবলৈ হস্পিটাল কতৃপক্ষই ইতিমধ্যে বিভাগীয়ভাৱে দাবী জনাই আহিছে ৷ অন্যথা হস্পিটালখনৰ পানীৰ সমস্যা কোনোকালেই সমাধান নহব ৷ ইপিনে কালিৰে পৰা পানী যোগান বন্ধ হৈ থকাৰ ফলত কেবাটাও ৱাৰ্ডত হস্পিটাল কতৃপক্ষই পানী ক্ৰয় কৰি চলাই থাকিবলগীয়া হৈছে চিকিৎসা সেৱা ৷ বৰপেটা মেডিকেল কলেজ হস্পিটালত পানীৰ নাটনিক লৈ চলি থকা সংকট সমাধানৰ ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহন কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব সমস্যাটোৰ সমাধান ৷

বাইটঃ উপ অধীক্ষক ৷
বাইটঃ ৰোগী আৰু অভিভাৱক ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.