জনীয়া, ১৬ ছেপ্টেম্বৰ: ৰাজ্য়ৰ বিভিন্ন ঠাইত একাংশ লোকে অবৈধভাৱে বিদ্যুৎ সংযোগ কৰি কাৰ্য সম্পাদন কৰি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে । বিদ্যুৎ বিভাগে এনে অসাধু লোকৰ বিৰুদ্ধে অভিযান চলাই থকাৰ মাজতে বিজুলী ভৱনৰ মুখ্য কাৰ্যালয়ৰ পৰা ভিজিলেন্সৰ দল এটাই বৰপেটা জিলাৰ কলগাছিয়াত অভিযান চলায় । এই দলটোৱে শুক্ৰবাৰে কলগাছিয়াৰ বিভিন্ন ঠাইত অবৈধভাৱে চলাই থকা বিদ্যুৎ সংযোগ চিনাক্ত কৰি সামগ্ৰী সমূহ জব্দ কৰে ।
বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত কলগাছিয়াৰ বিভিন্ন এলেকাত বিদ্যুৎ বিভাগৰ অভিযান চলায় । এই অভিযানকালত কেইবাটাও সামগ্ৰী জব্দ কৰে বিদ্যুৎ বিভাগে । উল্লেখযোগ্য যে সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত আমতলা, ডিমাপুৰ, কলগাছিয়াকে আদি কৰি কেইবাঠাইত শুক্ৰবাৰে গুৱাহাটী বিজুলী ভৱনৰ মুখ্য কাৰ্যালয়ৰ পৰা অহা ভিজিলেন্সৰ এটা দলে উপ-অধীক্ষক গৌৰাং লাল পাঠক আৰু DGM ভিজিলেন্স, তৰুণ চন্দ্ৰ দাসৰ নেতৃত্বত অভিযান চলায় ।
এই অভিযানত এই কথা উন্মোচিত হয় যে কলগাছিয়াৰ আছুৰ উদ্দিনৰ ঘৰত আৰু তেওঁৰ এটা ব্যক্তিগত হোষ্টেলত বিগত চাৰি বছৰ ধৰি মিটাৰ নোহোৱাকৈ অবৈধভাৱে বিদ্যুৎ সংযোগ দি চলাই গৈছে । পিছে কলগাছিয়া আৰক্ষীৰ সহযোগত উক্ত ঘৰৰ পৰা এটা ৰেফ্ৰিজেটৰ আৰু এটা ইনভাৰ্টৰ জব্দ কৰে এই দলটোৱে । ইয়াৰ লগতে আমতলা আৰু ডিমাপুৰ গাঁৱত অবৈধভাৱে চলাই থকা বিদ্যুৎ সংযোগ চিনাক্ত কৰি কিছু সামগ্ৰী জব্দ কৰে ।
ইপিনে, অবৈধভাৱে বিদ্যুৎ সংযোগেৰে চলাই থকা লোকসকলে ভৱিষ্যতে এনে অবৈধ কাৰ্য নকৰে বুলি প্ৰতিশ্ৰুতি দিয়ে । অবৈধভাৱে বিদ্যুৎ সংযোগ কৰা লোকসকলক সজাগ কৰি দিয়ে বিষয়াৰ দলটোৱে । লগতে এই অভিযান অনাগত দিনত চলি থাকিব বুলি কয় ।