ETV Bharat / state

বৰপেটাত ভি টু শ্বপিং মল কৰ্মচাৰীৰ প্ৰতিবাদ - প্ৰাপ্য নোপোৱা পৰ্যন্ত অব্যহত থাকিব প্ৰতিবাদ

বৰপেটাৰ ভি টু শ্বপিং মলৰ কৰ্মচাৰীসকলে প্ৰাপ্য ধনৰ পৰা তেওঁলোকক বঞ্চিত কৰি ৰখাৰ অভিযোগত মলখন বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্য নোপোৱা পৰ্যন্ত মলটো বন্ধ কৰি ৰাখিব বুলি উল্লেখ কৰে ৷

কৰ্মচাৰীৰ প্ৰতিবাদ
কৰ্মচাৰীৰ প্ৰতিবাদ
author img

By

Published : Feb 8, 2020, 4:47 PM IST

বৰপেটা, 8 ফেব্ৰুৱাৰীঃ বৰপেটা চহৰৰ ভি টু শ্বপিং মল বন্ধ কৰি, কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে ৷ কৰ্মচাৰীসকলৰ অভিযোগ অনুসৰি, তেওঁলোকৰ প্ৰাপ্য ইন্টেনচিভৰ ধনৰ পৰা তেওঁলোকক বঞ্চিত কৰি ৰাখিছে কৰ্তৃপক্ষই ৷ ইয়াৰোপৰি মলটোত থকা সামগ্ৰীত 10 লাখ টকাৰ অমিল পাই মল কৰ্তৃপক্ষই, এনে খেলিমেলিৰ বাবে কৰ্মচাৰীসকলৰ পৰা ধন কাটি ৰাখিব বিচৰাৰ অভিযোগ উত্থাপন কৰি এই কাৰ্যৰ প্ৰতিবাদ জনায় ৷

বৰপেটাত ভি টু শ্বপিং মল কৰ্মচাৰীৰ প্ৰতিবাদ

এইবোৰৰ উপৰিও উপহাৰ কুপন খেলৰ নামত মল কৰ্তৃপক্ষই গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰো অভিযোগ কৰ্মচাৰীসকলৰ ৷ বিগত দুৰ্গা পূজাৰ সময়ত এহেজাৰ টকাৰ বজাৰ কৰা সকলক একোটাকৈ লাকী ড্ৰ' প্ৰদান কৰি এই উপহাৰ কুপন খেলখনত চাৰিচকীয়া দামী গাড়ীৰ লগতে মটৰ চাইকেল আৰু অন্যান্য উপহাৰ সামগ্ৰী আগবঢ়োৱা হ'ব বুলি ঘোষনা কৰিছিল ৷ কিন্তু দুৰ্গা পূজা পাৰ হৈ যোৱাৰ কেইবা মাহৰ পিচতো খেলখন আজিলৈ অনুষ্ঠিত নকৰিলে কৰ্তৃপক্ষই ৷ উল্লেখ্য যে, কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্য নোপোৱা পৰ্যন্ত মলটো বন্ধ কৰি ৰাখিব বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক ঃ নগাঁও আৰক্ষীৰ জালত কুখ্যাত গঁড় চিকাৰী

Intro:

বৰপেটা, ৮ ফেব্ৰুৱাৰীঃ বৰপেটা চহৰৰ ভি টু শ্বপিং মলত কৰ্মৰত কৰ্মচাৰীৰ প্ৰতিবাদ ৷ শ্বপিংমলখন বন্ধ কৰি কতৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে কৰ্মচাৰীসকলে ৷ দাৰ্ঘদিন ধৰি মল কতৃপক্ষই কৰ্মচাৰীসকলক কৰি অহা বঞ্চনাৰ প্ৰতিবাদতে আজি শ্বপিংমলখনত কৰ্মৰত কৰ্মচাৰীসকলে এনেদৰে বন্ধ কৰি দিয়ে মলখন ৷ Body:কৰ্মচাৰীসকলৰ অভিযোগ- তেওলোকে পাব লগীয়া প্ৰাপ্য ইনটেনচীভৰ ধনৰ পৰা বঞ্চিত কৰি ৰখা হয় কৰ্মচাৰীসকলক ৷ আনহাতে মলখনত থকা মজুত সামগ্ৰীৰ সৈতে ১০ লাখ টকাৰ অমিল পাইছে মল কতৃপক্ষই ৷ হিচাপৰ এনে খেলিমেলিৰ বাবে মলৰ কৰ্মচাৰীসকলৰ পৰা ধন কাটি ৰাখিব বিচৰা কাৰ্যৰো প্ৰতিবাদ জনাইছে কৰ্মচাৰীসকলে ৷ ইপিনে উপহাৰ কুপন খেলৰ নামত মল কতৃপক্ষই অসমৰ গ্ৰাহকক প্ৰৱঞ্চনা কপাৰো অভিযোগ কৰ্মচাৰীসকলৰ ৷ বিগত দূৰ্গাপূজাৰ সময়ত এহেজাৰ টকাৰ বজাৰ কৰা সকলক একোটা লাকী ড্ৰ কুপন প্ৰদান কৰিছিল মলখনে ৷ উপহাৰ কুপন খেলখনত চাৰিচকীয়া দামী গাড়ীৰ লগতে মটৰ চাইকেল আৰু অন্যান্য উপহাৰ সামগ্ৰী আগবঢ়োৱা হব বুলি ঘোষনা কৰিছিল ৷ কিন্তু দূৰ্গা পূজা পাৰ হৈ যোৱাৰ কেবামাহপাৰ হৈ গ'ল যদিও উপহাৰ কুপন খেলখন আজিলৈকে অনুষ্ঠিত নহ'ল ৷ আৰু এনেদৰেই ভি টু মল কতৃপক্ষই প্ৰৱঞ্চনা কৰি আহিছে অসমৰ গ্ৰাহকক ৷ কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্য আদায় নোপোৱা পৰ্যন্ত মলখন বন্ধ কৰি ৰাখিব বুলি প্ৰকাশ কৰিছে ৷

Conclusion:বাইটঃ মলৰ কৰ্মচাৰী ৷

--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.