বৰপেটা ২৯ অক্টোবৰ: বৰপেটা সত্ৰৰ প্ৰয়াত বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ সুন্দৰীদিয়া কলয়াহাটীস্থিত বাসগৃহত শনিবাৰে উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Basistha Dev Sharma no more) ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰয়াত বুঢ়াসত্ৰীয়াৰ শোক-সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে তেওঁৰ আত্মাৰ সদগতি কামনা কৰে ৷
কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে প্ৰথমে বৰপেটা সত্ৰত উপস্থিত হৈ সত্ৰত সেৱা জনাই আশীস গ্ৰহণ কৰে । তাৰ পিছত মন্ত্ৰীগৰাকীয়ে সদ্য প্ৰয়াত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ সুন্দৰীদিয়া কলয়াহাটীস্থিত বাসগৃহত উপস্থিত হয় ৷ মন্ত্ৰীগৰাকীয়ে বুঢ়াসত্ৰীয়াৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ ফটোত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায় ৷
![Union Minister Sarbananda Sonowal at the residence of late Burha Satriya of Barpeta Satra](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bar-10to13-29oct-central-minister-sarbananda-sonowal-visbitephoto-as10038_29102022210621_2910f_1667057781_663.jpg)
কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে(Central minister Sarbananda Sonowal) বশিষ্ঠ দেৱশৰ্মাই স্মৰণ কৰি তেওঁ কৰ্মৰাজি সকলোৰে বাবে আদৰ্শ হোৱা উচিত বুলি উল্লেখ কৰে ৷ তেওঁ লগতে বুঢ়াসত্ৰীয়াগৰাকীয়ে জীৱিতকালত সত্ৰীয়া সংস্কৃতিক প্ৰাণ দি যোৱা বুলি উল্লেখ কৰি সত্ৰীয়া সংস্কৃতিৰ যোগেদি অসমৰ আধ্যাত্মিক জগতখনক সৱল কৰাৰ ক্ষেত্ৰত পালন কৰা শক্তিশালী ভূমিকাৰ কথা অসমীয়া জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে বুলিও প্ৰকাশ কৰে ৷
![Union Minister Sarbananda Sonowal at the residence of late Burha Satriya of Barpeta Satra](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bar-10to13-29oct-central-minister-sarbananda-sonowal-visbitephoto-as10038_29102022210621_2910f_1667057781_866.jpg)
মন্ত্ৰীগৰাকীয়ে বুঢ়াসত্ৰীয়াক(Burha Satriya of Barpeta Satra Basistha Dev Sarma) জীৱিতকালত কেইবাবাৰো নিচেই কাষৰ পৰা পোৱা বুলি কৈ বাপগৰাকীয়ে সদায় পিতৃসুলভ আচৰণ কৰা বুলি উল্লেখ কৰে ৷ সোণোৱালে কয় যে, বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া সদ্যপ্ৰয়াত বশিষ্ঠ দেৱশৰ্মা বাপে আমাক মৰমিয়াল পিতৃৰ দৰে পথ প্ৰদৰ্শন কৰিছিল । তেখেতৰ বিশাল আধ্যাত্মিক সত্তা, মানৱীয় প্ৰমূল্যবোধ আৰু জীৱনজোৰা কৰ্মৰাজি সদায়েই আমাৰ বাবে প্ৰেৰণাৰ সোঁত হৈ ৰ'ব ।
বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসান ঘটিলেও তেওঁৰ কৰ্মৰাজি জীয়াই ৰাখিবই লাগিব বুলি মন্তব্য কৰে সোণোৱালে ৷ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে লগতে বৰপেটা সত্ৰৰ মধুৰ আধ্যাত্মিক পৰিৱেশৰ মাজত সেৱা জনাই ৰাইজৰ মংগল কামনা কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ কয়- "ভক্তপ্ৰাণ ৰাইজৰ সৈতে কিছু সময় অতিবাহিত কৰি মন-প্ৰাণ প্ৰসন্ন হৈ উঠিল । সত্ৰ প্ৰাংগনত উপস্থিত হৈয়ে সদ্যপ্ৰয়াত বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা বাপৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিলোঁ ।
বৰপেটা সত্ৰৰ মধুৰ আধ্যাত্মিক পৰিৱেশৰ মাজত সেৱা জনাই ৰাইজৰ মংগল কামনা কৰিলোঁ । ভক্তিপ্ৰাণ ৰাইজৰ সৈতে কিছু সময় অতিবাহিত কৰি মন-প্ৰাণ প্ৰসন্ন হৈ উঠিল। সত্ৰ প্ৰাঙ্গণত উপস্থিত হৈয়ে সদ্যপ্ৰয়াত বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা বাপৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিলোঁ ।" বুঢ়াসত্ৰীয়াগৰাকীৰ গৃহৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰপেটা জিলা বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ জিলাখনৰ দলীয় নেতা-কৰ্মীৰ সৈতেও মত-বিনিময় কৰে ।
লগতে পঢ়ক: Distribution of Appointment Letter: ৬৫৫গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ