ETV Bharat / state

একঁকাল পানীৰ তলত সোণগুটি চপোৱাত ব্যস্ত কৃষক - দৰিদ্ৰ কৃষক

জনীয়াৰ বালিকুৰি-মজিদভিটাত একঁকাল পানীৰ তলত থকা সোণগুটি চপোৱাত ব্যস্ত হৈ পৰিছে দৰিদ্ৰ কৃষক । বেঁকী নৈৰ বানে নষ্ট কৰা হাজাৰ-হাজাৰ বিঘা আহু ধান আৰু মৰাপাট খেতিত এতিয়া বেঁকী নৈৰ পলস পৰি সোণগুটিত মেলিছে গজালি । ক্ষতিগ্ৰস্ত কৃষকৰ ক্ষতিপূৰণৰ বাবে দুৰ্ভগীয়া কৃষকৰ লগতে পঞ্চায়ত প্ৰতিনিধিয়ে চৰকাৰক আহ্বান জনাইছে ।

underwater rice seeding at Jania
একঁকাল পানীৰ তলত সোণগুটি চপোৱাত ব্যস্ত জনীয়া কৃষক
author img

By

Published : Jul 19, 2020, 10:29 AM IST

জনীয়া, 19 জুলাই : বৰপেটা জিলাত বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও দুৰ্দশাই লগ এৰা নাই কৃষক ৰাইজক । আহাৰমহীয়া বানৰ পিছত এতিয়া শাওনমহীয়া বানৰ কৱলত পৰি সৰ্বস্বান্ত হৈছে জনীয়া সমষ্টিৰ সহস্ৰাধিক দৰিদ্ৰ কৃষক । বেঁকী নৈৰ বানে বিশেষকৈ বালিকুৰি আৰু মজিদভিটা গাঁৱৰ কৃষকৰ হাজাৰ বিঘা আহু ধান আৰু মৰাপাট খেতি নিঃশেষ কৰাৰ পাচত মূৰে-কঁপালে হাত দিবলগীয়া হৈছে দৰিদ্ৰ কৃষকে।

কৃষকে অতি পৰিশ্ৰমেৰে কৃষিভূমিত আহু ধান আৰু মৰাপাট খেতিৰে অঞ্চলটোৰ পথাৰ সেউজীয়া কৰি তুলিছিল । কিন্তু পথাৰৰ পৰা ধান চপাই আনি ভঁৰালত গোটোৱাৰ সৌভাগ্য নহ'ল কৃষকসকলৰ । বেঁকী নৈৰ বানে এৰি থৈ যোৱা পলসত বোকাময় হৈ পৰিছে বহু পথাৰৰ সোণগুটি । মানুহে খোৱাৰ অনুপযোগী ধানসমূহ পশুধনৰ বাবে একঁকাল-এবুকু পানীত নামি চপাব লগীয়া হৈছে দুৰ্ভগীয়া কৃষকসকলে ।

একঁকাল পানীৰ তলত সোণগুটি চপোৱাত ব্যস্ত জনীয়া কৃষক

ইয়াৰ লগতে, ঘৰে-ঘৰে এতিয়াও পানী নুশুকুওৱাৰ বাবে কৃষকসকলে ওখ ভেটিত আশ্ৰয় শিবিৰতে শুকুৱাবলগীয়া হৈছে ধান । এই সন্দৰ্ভত অতি শীঘ্ৰেই সংশ্লিষ্ট চৰকাৰী বিভাগক বিহিত ব্যৱস্থা গ্ৰহণ কৰি সকাহ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে মজিদভিটাৰ দুৰ্ভগীয়া কৃষকৰ লগতে পঞ্চায়ত প্ৰতিনিধিয়ে ।

লগতে পঢ়ক : অসমত কৰ‘ণা ভাইৰাছৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.