কলগাছিয়া, 17 জুলাই : ক'ভিড আতংকৰ মাজতে ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ (Assam Police) ড্ৰাগছ তথা অপৰাধজনিত ঘটনা বিৰোধী অভিযান ৷ শেহতীয়াকৈ ৰাজ্যজুৰি চলা অসম আৰক্ষীৰ অভিযানত প্ৰায় আটাইকেইখন জিলাতে জব্দ হৈছিল বৃহৎ বৃহৎ পৰিমানৰ ড্ৰাগছ তথা জালনোট ৷ ইয়াৰ মাজতে শুকুৰবাৰে নিশা কলগাছিয়া আৰক্ষীৰ (Kalgachiya Police) অভিযানত জাল নোটসহ জালত পৰিছে দুজন সৰবৰহকাৰী ৷ কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেবানন্দ দাসৰ নেতৃত্বত চলিছিল এই অভিযান ৷

উল্লেখ্য যে, শুকুৰবাৰে নিশা কলগাছিয়া আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই জাল নোটসহ দুই পৃথক ঠাইৰ পৰা দুজকৈ জালনোট সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় ৷ অভিযানত গুনিয়ালগুৰি গাঁৱৰ মহিৰ উদ্দিন আৰু আদিতপুৰ গাঁৱৰ হুমায়ন কবিৰ নামৰ দুজন জালনোট সৰবৰাহকাৰী আটক কৰাৰ লগতে দুয়োজনৰ পৰা 1 লাখ 33 হাজাৰ জাল টকা উদ্ধাৰ কৰে আৰক্ষীয়ে ৷
ইতিমধ্যে দুয়োজনৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষীয়ে নিজাববীয়াকৈ 472/21U/S489A/489B/489C IPC ধাৰাত এক গোচৰ ৰজু কৰি দুয়োকে বৰপেটা জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ বিচনাৰ তলতে উদ্ধাৰ হস্ত নিৰ্মিত পিষ্টল সহ চোকা অস্ত্ৰ