বৰপেটা ২৭ জুন: বান সাহাৰ্য আত্মসাৎ কৰি গ্ৰেপ্তাৰ হ'ল বৰপেটাত সৰ্থেবাৰী ৰাজহ চক্ৰৰ দুই লাট মণ্ডল ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাকো যেন কেৰেপ নকৰি দীৰ্ঘদিন ধৰি দুই লাট মণ্ডল তথা ভাতৃয়ে লুন্ঠন ৰাজ চলাই থকাৰ অভিযোগ উত্থাপন হৈছে(Lat Mandals arrested for embezzlement of flood relief) ৷
উল্লেখ্য যে, সোমবাৰে দুই লাট মণ্ডলে বান সাহাৰ্য আত্মসাৎ কৰাৰ অভিযোগত উত্তপ্ত হৈ পৰে সৰ্থেবাৰী । বান সাহাৰ্য আত্মসাৎ কাৰ্যত জড়িত মণ্ডল দুগৰাকী হ'ল কান্তেশ্বৰ ডেকা আৰু অজিত ডেকা(Two lat mandals arrested in Barpeta) । অভিযুক্ত কান্তেশ্বৰ ডেকা আৰু অজিত ডেকা দুই ভাতৃ । সৰ্থেবাৰী ৰাজহ চক্ৰত কৰ্মৰত আছিল এই দুয়োগৰাকী মণ্ডল ।
বন্যাৰ্তৰ সাহাৰ্যৰ বাবে অহা চাৰি বস্তা দালি আৰু ৯ বস্তা চাপৰ মণ্ডলে ঘৰলৈ নি থকা অৱস্থাত ৰাজপথতে জব্দ কৰিলে স্থানীয় ৰাইজে ৷ ই-ৰিক্সাৰে কান্তেশ্বৰ ডেকাৰ ব্যাসকুছিৰ ঘৰলৈ নি থকা অৱস্থাত পথত ৰাইজে জব্দ কৰে বান সাহাৰ্যখিনি । ইয়াৰ পিছতেই উত্তপ্ত হৈ পৰে সমগ্ৰ পৰিস্থিতি ৷
ইফালে, বানপীড়িত লোকৰ নামত অহা বান সাহাৰ্য আত্মসাৎ কৰাৰ দুই মণ্ডলৰ বিৰুদ্ধে চক্ৰ বিষয়া ত্ৰিদিব কুমাৰ কোঁৱৰে সৰ্থেবাৰী আৰক্ষী থানাত দাখিল কৰিলে গোচৰ । ইতিমধ্যেই অভিযুক্ত দুই মণ্ডলক গ্ৰেপ্তাৰ কৰিছে সৰ্থেবাৰী আৰক্ষীয়ে ।
লগতে পঢ়ক : জোনাই ৰাজহ চক্ৰৰ লাট মণ্ডলৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ