ETV Bharat / state

Road accident in Barpeta: সৰভোগত ভয়ংকৰ দুৰ্ঘটনা, বিয়া খাবলৈ আহি প্ৰাণ হেৰুৱালে দুজনে

বৰপেটাৰ সৰভোগত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা (Road accident in Barpeta) ৷ দুৰ্ঘটনাটোত দুজন লোক থিতাতে নিহত ৷ ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাহনখন ৷

two-people-died-in-road-accident-at-barpeta
বৰপেটাৰ সৰভোগত তীব্ৰবেগী বাহনে মহতিয়াই নিলে দুজন যুৱকক
author img

By

Published : Feb 22, 2022, 8:14 AM IST

বৰপেটাৰোড, 21ফেব্ৰুৱাৰী: বৰপেটা জিলাৰ সৰভোগৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে সন্ধিয়া সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা (Road accident in Barpeta) ৷ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে এখন মটৰ চাইকেল ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় মটৰ চাইকেলখনত অহা দুয়োজন আৰোহী(Two killed in Road accident at 31 national highway in Barpeta) ৷

জানিব পৰা মতে, এই ভয়াৱহ পথ দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা ট্ৰাকসহ পলায়ন কৰে চালক ৷ তীব্ৰ বেগত অহা ট্ৰাকখনৰ দ্বাৰা সংঘটিত এই দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে, মটৰ চাইকেলখনত অহা দুয়োজন আৰোহীয়ে ঘটনাস্থলীতে সাৱতি ল’ব লগা হয় মৃত্যুক ৷ নিহত যুৱক দুজন সঞ্জীৱ পাল (৩৬) আৰু মৃত্যুঞ্জয় মিত্ৰ (৩৫) বুলি জানিব পৰা গৈছে ৷

নিহত সঞ্জীৱ পালৰ ঘৰ ওদালগুৰীৰ সমীপৰ খৈৰাবাৰীত আৰু মৃত্যুঞ্জয় মিত্ৰৰ ঘৰ গোৰেশ্বৰত ৷ প্ৰাপ্ত তথ্য মতে, চিৰাঙৰ পাতিলাদহাৰ খুচলাইগুৰীত এখন বিয়া খাবলৈ গৈছিল যুৱক দুজন ৷ বিয়া খাই যুৱকদ্বয়ে AS 19Q 5526 নম্বৰ বাইকেৰে সন্ধিয়া নিজ বাসগৃহ অভিমূখে আহি থকা অৱস্থাত সৰভোগত ট্ৰাকখনে মহতিয়াই লৈ যায় বাইকসহ যুৱকদ্বয়ক ৷

ঘটনাৰ পিছতে ঘটনাস্থলীত সৰভোগ আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি থানালৈ নি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ আনহাতে বৰ্তমানলৈকে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷

লগতে পঢ়ক : ৰঙিয়াত আবকাৰী বিষয়াৰ বাহনৰ খুন্দাত প্ৰাণ গ'ল এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.