বৰপেটা, ২৩ মে’: শেহতীয়াকৈ ৰাজ্যত চৰকাৰ সলনি হোৱাৰ পাচতে সমগ্ৰ ৰাজ্যখনত চলি থকা গৰুৰ চোৰাং বেপাৰ বন্ধ কৰাৰ বাবে উঠি পৰি লাগিছে অসম আৰক্ষী ৷ বিশেষকৈ, ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাচতেই গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান তীব্ৰতৰ কৰি তুলিছে অসম আৰক্ষীয়ে ৷
উল্লেখ্য যে, সমগ্ৰ অসমৰ কেইবাটাও প্ৰান্তত বহুকেইটা চোৰাং গৰু ব্যৱসায়ীক আৰক্ষীয়ে আটক কৰাৰ পাচতেই দেওবাৰে, বৰপেটাৰ জেইল ৰোডৰ পৰা দুজনকৈ চোৰাং গৰু ব্যৱসায়ীক আটক কৰিলে বৰপেটা আৰক্ষীয়ে ৷ জানিব পৰা মতে, ধৃত চোৰাং গৰু ব্যৱসায়ী দুটাৰ নাম আনোৱাৰ হুছেইন আৰু আলাউদ্দিন শিকদাৰ ৷ দুয়োৰে ঘৰ বৰপেটা জিলাৰ কলগাছিয়াত ৷
দেওবাৰে AS 15 AC 1053 নম্বৰৰ এখন টাটা মোবাইল গাড়ীৰে বাঘবৰলৈ ৫ টা চোৰাং গৰু কঢ়িয়াই নি থকা অৱস্থাত ব্যৱসায়ী দুটাক আৰক্ষীয়ে সোধপোছ কৰে ৷ ব্যৱসায়ী দুজনে গৰুকেইটা ক্ৰয় কৰাৰ কোনো নথি-পত্ৰ দেখুৱাবলৈ সক্ষম নোহোৱাৰ পাচতেই দুয়োকে আৰক্ষীয়ে আটক কৰে ৷
ইফালে, এই ঘটনাৰ সৈতে কোনো ডাঙৰ চক্ৰ জড়িত থকাৰ সম্ভাৱনীয়তাকো নুই কৰিব নোৱাৰি ৷ সম্প্ৰতি আৰক্ষীয়ে আটকাধীন দুয়োগৰাকী চোৰাং গৰু বেপাৰীক জেৰা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক :য়াছৰ বাবে অসমৰ ১২ খনকৈ ৰে’লৰ চলাচল বাতিল