ETV Bharat / state

দেওবাৰে বৰপেটাত মৃত্যু 2জন ক’ভিড ৰোগীৰ

বৰপেটা জিলাত দেওবাৰে 2গৰাকী কৰ’ণাত আক্ৰান্ত ৰোগীৰ মৃত্যু ৷ জিলাখনত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 65 জনলৈ বৃদ্ধি ৷

দেওবাৰে বৰপেটা মৃত্যু 2জন ক’ভিড ৰোগীৰ
দেওবাৰে বৰপেটা মৃত্যু 2জন ক’ভিড ৰোগীৰ
author img

By

Published : May 24, 2021, 7:14 AM IST

বৰপেটা, 24 মে’: ভয়াবহ হৈ পৰিছে ৰাজ্যৰ ক’ভিড পৰিস্থিতি ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ বৰপেটা জিলাটো ক্ৰমাৎ বৃদ্ধি হৈছে ক’ভিড সংক্ৰমণৰ হাৰ ৷ দেওবাৰৰ দিনটোত ক’ভিডত আক্ৰান্ত হৈ বৰপেটা জিলাত মৃত্যু হয় 2 জন ক’ভিড ৰোগী ৷ যাৰ ফলত জিলাখনত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 65 জনলৈ বৃদ্ধি হয় ৷

উল্লেখ্য যে, দেওবাৰৰ দিনটোলৈকে বৰপেটা জিলাত কৰ’ণাত আক্ৰান্ত হোৱা মুঠ ৰোগীৰ সংখ্যা 4386 লৈ বৃদ্ধি হৈছে ৷ ইয়াৰ ভিতৰত দেওবাৰে 39 গৰাকী ক’ভিড ৰোগী সুস্থ হৈ উঠাৰ বিপৰীতে নতুনকৈ আক্ৰান্ত হৈছে 47 গৰাকী ৷ দেওবাৰৰ দিনটোলৈকে বৰপেটাত মুঠ 2067 গৰাকী কৰ’ণাত আক্ৰান্ত হোৱা ৰোগীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে 2245 গৰাকী ব্যক্তি ৷

আনহাতে, দেওবাৰে বৰপেটা জিলাত 713 গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰোৱা হয় ৷ ইয়াৰ ভিতৰত 47 গৰাকীৰ দেহত ধৰা পৰে ক’ভিড-19ৰ উপস্থিতি ৷ ইয়াকে লৈ দেওবাৰৰ দিনটোত কৰ’ণাত আক্ৰান্ত হাৰ হৈছে গৈ 6.59 শতাংশ ৷

লগতে পঢ়ক: ক'ভিড টেষ্ট কৰাৰ ক্ষেত্ৰত এক কোটিৰ ঘৰ অতিক্ৰম অসমৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.