ETV Bharat / state

আৰক্ষী আৰু পৰিবহন বিভাগৰ সহযোগত বহিঃৰাজ্যলৈ বাৰ্মিজ চুপাৰী সৰবৰাহ - বৰপেটা হাউলীৰ এছ জি এন্টাৰপ্ৰাইজ বাৰ্মিজ চুপাৰী

আৰক্ষী আৰু পৰিবহন বিভাগৰ সহযোগত কোটি কোটি টকাৰ ৰাজহ ফাঁকিৰে ৰাজ্যখনৰ মাজেৰে সৰবৰাহ হৈ আছে ট্ৰাকে ট্ৰাকে চোৰাং বাৰ্মিজ চুপাৰী ৷ শূন্য সহনশীলতাৰ শ্ল'গান আওৰোৱা ৰাজ্য চৰকাৰৰ চৰকাৰী বিভাগৰ প্ৰত্যক্ষ সহযোগত চলি থকা চোৰাং বাৰ্মিজ চুপাৰীৰ সৰবৰাহৰ ঘটনা পোহৰলৈ আনিলে বৰপেটাৰ হাউলী চহৰৰ এগৰাকী ব্যৱসায়ীয়ে ৷

বহিঃৰাজ্যলৈ বাৰ্মিজ চুপাৰী সৰৱৰাহ
বহিঃৰাজ্যলৈ বাৰ্মিজ চুপাৰী সৰৱৰাহ
author img

By

Published : Feb 22, 2020, 11:31 AM IST

বৰপেটা, ২২ ফেব্ৰুৱাৰীঃ বৰপেটা হাউলীৰ 'এছ জি এন্টাৰপ্ৰাইজ' ৰ গৰাকীয়ে উদঙালে ৰাজ্য চৰকাৰৰ সহযোগত চলি থকা চোৰাং চুপাৰীৰ সৰবৰাহ ৷ শুকুৰবাৰে হাউলীৰ এছ জি এন্টাৰপ্ৰাইজৰ নামত ভুৱা নথিৰে শিলচৰৰ পৰা চিৰাং জিলাৰ বিজনীলৈ সৰবৰাহ কৰা বাৰ্মিজ চুপাৰী ভৰ্তি AS-01-LC-7176 আৰু AS-09-SC-4199 নম্বৰৰ ট্ৰাক দুখন জব্দ কৰে প্ৰতিষ্ঠানটোৰ গৰাকীয়ে ৷ এছ জি এন্টাৰপ্ৰাইজৰ নামত ভুৱা চালান, ভুৱা GST ৰে ৰাজ্যখনলৈ চোৰাং বাৰ্মিজ চুপাৰী সৰবৰাহ কৰি থকাৰ কথা জানিব পাৰি শুকুৰবাৰে এছ জি এন্টাৰপ্ৰাইজৰ গৰাকীয়ে ততাতয়াকৈ জব্দ কৰে ট্ৰাক দুখন ৷

বহিঃৰাজ্যলৈ বাৰ্মিজ চুপাৰী সৰৱৰাহ

জানিব পৰা মতে, শুকুৰবাৰে এই চোৰাং চুপাৰী সৰবৰাহত ব্যৱহাৰ কৰা দুখন ট্ৰাক জব্দ কৰা হয় যদিও বৰ্তমানলৈ জব্দ কৰিব পৰা নাই আন দুখন ট্ৰাক ৷ প্ৰতিষ্ঠানটোৰ স্বত্বাধীকাৰীৰ ভাষ্য অনুসৰি, চিদ্দিক নামৰ এজন চোৰাং ব্যৱসায়ীৰ নেতৃত্বত চলি আছে বাৰ্মিজ চুপাৰীৰ এই অবৈধ ব্যৱসায় ৷ দুদিন পূৰ্বে লামডিঙত সাংবাদিকৰ তৎপৰতাত 4 খন বাৰ্মিজ চুপাৰী কঢ়িওৱা ট্ৰাক জব্দ কৰা হয় যদিও এছ জি এন্টাৰপ্ৰাইজৰ নামত ভুৱা নথি প্ৰস্তুতেৰে আৰক্ষী আৰু পৰিবহণ বিভাগৰ সহযোগত মুকলি কৰি দিয়া হয় ট্ৰাক কেইখন ৷

লগতে পঢ়কঃ চূড়ান্ত এনআৰচিত অন্তৰ্ভুক্ত হোৱা ‘অনুপযুক্ত ব্যক্তি’ৰ তথ্য বিচাৰিলে মুখ্য সমন্বয়কে

ইয়াৰোপৰি, ৰাজ্যৰ পৰা সৰবৰাহ কৰা চুপাৰীখিনি আন্তঃৰাষ্ট্ৰীয় সীমান্তত আমজেদ নামৰ ব্যক্তি এজনে ট্ৰাকৰ পৰা ক্ৰয় কৰে ৷ উল্লেখ্য যে, এই তথ্য সমূহ খোদ আমজেদে এছ জি এন্টাৰপ্ৰাইজৰ স্বত্বাধীকাৰীক টেলিফোনযোগে জানিবলৈ দিয়ে ৷ আনহাতে, শুকুৰবাৰে এই সম্পৰ্কে প্ৰতিষ্ঠানটোৱে সীমা শুল্ক বিভাগ আৰু GST কতৃপক্ষক অভিযোগ প্ৰদানৰ পাছতে সীমা শুক্ল বিভাগৰ ধুবুৰী সংমণ্ডল বিষয়াই হাউলীত উপস্থিত হৈ ট্ৰাক দুখন নিজৰ জিম্মাত লৈ গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.