জনীয়া, 26 জুলাই : কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰভিটাত বানত পৰি মৃত্যু একেটা পৰিয়ালৰে দুটিকৈ শিশু ৷ এই শোকাৱহ ঘটনাৰ পাচতেই অঞ্চলটোত এতিয়া শোকৰ ছাঁ । জানিব পৰা মতে, মানাহ নদীৰ বাঢ়নী পানীত বৰভিটা গাঁৱৰ হাফিজুৰ ৰহমানৰ দুই সন্তান ক্ৰমে শ্বাৰিফুল ইছলাম (2) আৰু ৰাবিয়া খাতুনক (4) নৈৰ সোঁতে উতুৱাই লৈ যায় ।
পিচত স্থানীয় ৰাইজৰ তৎপৰতাত দুয়ো গৰাকীকে উদ্ধাৰ কৰি চান্দমামা মডেল হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । মৰোণত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফাঁকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে মৃতদেহ কেইটা ।
যোৱা কেবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলতেই মানাহ নদীত বৃদ্ধি পাইছে জলস্তৰ ৷ যাৰ বাবেই অনাকাংক্ষিত ঘটনাটো সংঘটিত হয় ৷
লগতে চাওক-COVID-১৯ : ৰাজ্যত পুনৰ 1165 গৰাকী পজিটিভ