বৰপেটা, ৪ ছেপ্টেম্বৰঃ বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া নৱজিৎ দাসৰ দেহাৱসানৰ পিচত বৃহস্পতিবাৰে সত্ৰনগৰী বৰপেটাত অনুষ্ঠিত হয় ডেকা সত্ৰীয়াগৰাকীক সোঁৱৰি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে এখনি স্মৃতিচাৰণ সভা ৷
দ্বিতীয় বৈকুন্ঠপুৰী বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া স্বৰ্গীয় নৱজিৎ দাসৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ অৰ্থে বৃহস্পতিবাৰে বৰপেটা সত্ৰৰ শাখা-সত্ৰ সমাজ অসমে বৰপেটাৰ মাজৰহাটীত আয়োজিত হয় এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি ৷ এই শ্ৰদ্ধাঞ্জলি সভাত স্বৰ্গীয়া নৱজিৎ দাসৰ পৰিবাৰ, বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা, একাধিক সত্ৰাধিকাৰ, বহু কেইগৰাকী বিশিষ্ঠ সাহিত্যিককে ধৰি বৰপেটাৰ শাখা-সত্ৰ সমাজৰ প্ৰায় দুশ পঞ্চাছ খনতকৈয়ো অধিক সত্ৰৰ ভকত বৈষ্ণৱ সকলে ডেকাসত্ৰীয়া গৰাকীৰ প্ৰতি নিবেদন কৰিলে শ্ৰদ্ধাঞ্জলি ৷
স্মৃতিচাৰণ সভাখনত উপস্থিত থকা বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা আৰু উপস্থিত ভক্ত বৈষ্ণৱ সকলে নামঘোষাৰ কাকূতিৰে বিদেহী আত্মাৰ সদ্গতি কামনা কৰা লগতে ডেকাসত্ৰীয়া গৰাকীৰ মৃত্যুত অসমৰ সত্ৰীয়া সংস্কৃতিৰ বাবে এয়া এক অপূৰণীয় ক্ষতি আৰু এই শূন্যতা পূৰ কৰাতো কঠিন হ'ব বুলি মন্তব্য কৰে বৰপেটাৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই ৷
লগতে পঢ়ক- অৰুণাচলৰ চলুং উৎসৱৰ বিষয়ে জানেনে ?