ৰাজ্যসভাৰ প্ৰাৰ্থী হ’ব কোন: কইনাধৰাত বিজেপিৰ বৈঠক
31 মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভা নিৰ্বাচন (Rajya Sabha Election 2022)৷ বিজেপিয়ে দুখন খালী আসনৰ এখন ইউ পি পি এলক এৰি দিব কবুলি চলি আছে চৰ্চা ৷ ইয়াৰ মাজতে বুধবাৰে নিশা মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা মুলতঃ এই বিষয়ত অনুষ্ঠিত হ’ল ৰাজ্যিক বিজেপিৰ ক'ৰ কমিটিৰ এখন বৈঠক ৷
Bubu Konwar encounter : আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ শুনানিৰ দিন ঘোষণা
শিৱসাগৰত আৰক্ষীৰ এনকাউণ্টাৰত বুবু কোঁৱৰ নিহত হোৱা সন্দৰ্ভত (Bubu Konwar encounter in Sivsagar) ৰাজ্যিক মানৱ অধিকাৰ আয়োগত ৰুজু হোৱা গোচৰৰ শুনানিৰ দিন ঘোষণা কৰা হৈছে । বুধবাৰে গোচৰটোৰ সন্দৰ্ভত ৰাজ্যিক মানৱ অধিকাৰ আয়োগে চলিত বৰ্ষৰ ১৮ এপ্ৰিলত পৰৱৰ্তী শুনানিৰ দিন ঘোষণা কৰিছে (Hearing of Bubu Konwar encounter case) ৷
Assam Budget 2022-23: 600.36 কোটিৰ ঘাটিৰে অজন্তাৰ নতুনত্বহীন বাজেট
ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ প্ৰথমখন পুৰ্ণাংগ বাজেট আজি দাখিল কৰা হ'ল অসম বিধানসভাৰ মজিয়াত (Assam Budget For FY 2022-23 Presented)। ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে আজি বিয়লি পাঠ কৰে ২০২২-২০২৩ বিত্তীয় বৰ্ষৰ বাজেট ভাষণ ।
চেন্নাইত অনুষ্ঠিত হ’ব 44 তম বিশ্ব দবা অলিম্পিয়াড 2022
ভাৰতে আয়োজন কৰিব ৪৪ তম বিশ্ব দবা অলিম্পিয়াড ২০২২ ৰ (India to host 44th World Chess Olympiad 2022) ৷ ৰাছিয়াত অনুষ্ঠিত হ’বলগীয়া সকলো প্ৰকাৰৰ ক্ৰীড়া প্ৰতিযোগিতাৰ পূৰ্বে নিৰ্ধাৰিত কাৰ্যসূচী ফেডাৰেশ্যনে বাতিল কৰাৰ পাছতেই এই সিদ্ধান্ত লয় ভাৰতে ৷ চেন্নাইত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ (Chess Olympiad in Chennai) ৷
হিমন্ত চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেটক ললিপপ আখ্যা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ
ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেটক(Assam Budget 2022-23) ললিপপ আখ্যা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ(AJYCP reactions to Assam Budget 2022 23) । বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটক লৈ আশ্বস্ত নহয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ।
বাজেটত কোনো চমক নাই : বিৰোধী দলপতি দেবব্ৰত শইকীয়া
বিত্তমন্ত্রী অজন্তা নেওগে বুধবাৰে সদনত দাখিল কৰা ২০২২-২৩ বৰ্ষৰ বাজেটক চমকহীন গতানুগতিক বাজেট আখ্যা দিয়ে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই(Opposition leader Debabrata Saikia reacts to budget 2022) । বিগত সময়ৰ বহু ঘোষণা এতিয়াও ৰূপায়ণ হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে, পুৰণি বহু প্ৰকল্পৰ কথা বাজেটত পুনৰ উল্লেখ কৰা হৈছে । পৰবৰ্ত্তী সময়ত বাজেটৰ প্ৰকৃত মূল্যায়ন হ'ব বুলি সদৰি কৰি তেওঁ কয় যে, বিধায়ক পুঁজি বৃদ্ধি কৰাৰ ক্ষেত্রত মুখ্যমন্ত্রীয়ে আশ্বাস দিছিল যদিও এতিয়াও সেয়া পূৰণ হোৱা নাই । চৰকাৰে বাজেটত দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ ক্ষেত্রত দৃষ্টি ৰখা হ'ব বুলিও বিৰোধী দলপতিগৰাকীয়ে উল্লেখ কৰে ৷
Web portal accused of extortion: নলবাৰীৰ এটা ৱেব পৰ্টেলৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ
নলবাৰীৰ মুকালমুৱাত এটা ৱেব পৰ্টেলৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ (Web portal accused of extortion) ৷ এই অভিযোগ তৰিছে মুকালমুৱাৰ ৰফিকুল হুছেইন নামৰ এজন লোকে ৷
Shehnaaz Gill latest updates:শ্বেহনাজ গীলে পালে ইউটিউব গ’ল্ডেন বাটন
ইউটিউবৰ পৰা শ্বেহনাজ গীলে লাভ কৰিলে গ’ল্ডেন বাটন ( Shehnaaz Gill latest updates) ৷ সামাজিক মাধ্যমত নিজৰ অনুৰাগীক ধন্যবাদ জনাই শ্বেয়াৰ কৰিলে ভিডিঅ’ ৷
'দ্যা কাশ্মীৰ ফাইলচ' ছবিখন বন্ধ কৰিব লাগে: বদৰুদ্দিন আজমল
সৰ্বত্ৰে চৰ্চিত ছবি 'দ্যা কাশ্মীৰ ফাইলচ' । বিভিন্ন জনৰ ভিন্ন প্ৰতিক্ৰিয়া । ছবিখন প্ৰসংগত প্ৰতিক্ৰিয়া ব্য়ক্ত কৰিলে AIUDF প্ৰধান বদৰুদ্দিন আজমলেও (Badruddin Ajmal demands ban on The Kashmir Files) ।
এঘাৰটাকৈ ৰাজনৈতিক দলৰ প্ৰতিবাদত উত্তাল ৰাজ্য
মহানগৰীৰ ৰেল বিভাগৰ মাটি বহিৰাহত বণিয়াক লীজত দিয়াৰ লগতে ৰাজ্যৰ দুটা কাগজ কল পুনৰুজ্বীৱিত কৰাৰ সলনি বিক্ৰীৰ প্ৰস্তুতি কৰাৰ বিৰোধিতাৰে সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰ জিলাতো এঘাৰটাকৈ ৰাজনৈতিক দলৰ প্ৰতিবাদ সাব্যস্ত(Different political parties protest against the government) ৷