বৰপেটা, ৫ এপ্ৰিল : বৰপেটা চহৰত ATM সমূহত ধন উলিওৱাৰ সময়ত কৌশলেৰে গ্ৰাহকৰ ডেবিট কাৰ্ড সলনি কৰি ধন লুট কাৰ্যত জড়িত প্ৰৱঞ্চকৰ দলক আটক ৷ এগৰাকী ভূক্তভোগী মহিলাই স্থানীয় লোকৰ সহযোগত বৰপেটাৰ পাঁচ আলি চ'কত আটক কৰিলে বহিঃৰাজ্যৰ তিনিজনীয়া প্ৰৱঞ্চকৰ দলটোক (TThree arrested for allegedly looting money from women bank accounts in Barpeta) ৷
ধৃত প্ৰৱঞ্চক কেইটা দিল্লীৰ চুলতানপুৰীৰ মুকেশ, গোবিন্দ সিং আৰু হাৰিয়ানাৰ চান্নি বুলি জানিব পৰা গৈছে ৷ বৰপেটাৰ পাঁচ আলি চ'কত দীপা শইকীয়া তালুকদাৰ নামৰ মহিলাগৰাকীয়ে স্থানীয় লোকৰ সহযোগত বহিঃৰাজ্যৰ প্ৰৱঞ্চকৰ দলটোক আটক কৰি চমজাই দিয়ে বৰপেটা আৰক্ষীক ৷
উল্লেখ্য যে, বৰপেটা চহৰত দীৰ্ঘদিন ধৰি এই প্ৰৱঞ্চক কেইটাই এটিএম সমূহত নজৰ ৰাখি প্ৰৱঞ্চনাৰে লুটি আহিছিল ধন ৷ একপ্ৰকাৰে এই প্ৰৱঞ্চক কেইটাই বৰপেটা চহৰত যেন সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷ এনে কাৰ্য সংঘটিত কৰি অহা বহিঃৰাজ্যৰ প্ৰৱঞ্চকৰ দলটোক অৱশেষত কৰায়ত্ত কৰিলে বৰপেটা উন্নয়ন খণ্ডৰ কৰ্মচাৰী দীপা শইকীয়া তালুকদাৰ নামৰ এগৰাকী মহিলাই ৷ সম্প্ৰতি মহিলাগৰাকীৰ এনে কাৰ্যত সকলোৱে ভূয়সী প্ৰশংসা কৰিছে ৷
জানিব পৰা মতে, বৰপেটা উন্নয়ন খণ্ডৰ কৰ্মচাৰী দীপা শইকীয়া তালুকদাৰ নামৰ মহিলাগৰাকীৰ পৰা সোমবাৰে ডেবিট কাৰ্ডৰ সালসলনি কৰি প্ৰৱঞ্চকৰ দলটোৱে বৰপেটাৰ পাঁচআলি চ'কৰ SBI ৰ এটিএমৰ পৰা প্ৰৱঞ্চনাৰে উলিয়াই নিছিল ৩০ হাজাৰ টকা ৷ পিছে মঙলবাৰে প্ৰৱঞ্চকৰ দলটোৰ ভাগ্য সুপ্ৰসন্ন নাছিল ৷ যাৰ বাবে নতুন চিকাৰৰ সন্ধানত থকা প্ৰৱঞ্চকৰ দলটো ভূক্তভোগী মহিলাগৰাকীৰ হাততে আটক হ'বলগীয়া হয় ৷ কথাতে কয় বোলে এশ গৰু খালে বাঘৰো মৰণ ৷ অৱশেষত প্ৰৱঞ্চকৰ দলটোৰ ক্ষেত্ৰতো যেন সেয়াই হ'ল ৷
লগতে পঢ়ক : হায়দৰাবাদত 'Most Wanted' চোৰ মুচুক গ্ৰেপ্তাৰ