ETV Bharat / state

বৰপেটাৰ পালহাজীত চুৰিকাণ্ড : চোৰে লুটি নিলে লক্ষাধিক টকাৰ সামগ্ৰী

author img

By

Published : Dec 31, 2021, 8:10 AM IST

বৰপেটাৰ পালহাজীত চুৰিকাণ্ড ৷ এখন কাপোৰৰ দোকানৰ পৰা চোৰে লুটি লিলে লক্ষাধিক টকাৰ সামগ্ৰী (Theft at Palhaji in Barpeta) ৷ অঞ্চলটোত প্ৰায়ে সংঘটিত হৈ অহা চুৰিৰ ঘটনাক লৈ আৰক্ষীয়ে ল’ব লগা ভুমিকাত অসন্তুষ্ট স্থানীয় লোক ৷

বৰপেটাৰ পালহাজীত চুৰিকাণ্ড ! চোৰে লুটি নিলে লক্ষাধিক টকাৰ সামগ্ৰী

বৰপেটা 31 ডিচেম্বৰ : বৰপেটা জিলাৰ পালহাজীত প্ৰায়েই সংঘটিত হৈ আহিছে চুৰি ডকাইটিৰ দৰে বিভিন্ন অপৰাধজনিত ঘটনা ৷ যাৰ ফলত এতিয়া বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে স্থানীয় ৰাইজে ৷

অঞ্চলটোত সংঘটিত হৈ থকা বিভিন্ন অপৰাধজনিত ঘটনাৰ মাজতে বুধবাৰে পালহাজীৰ এখন কাপোৰৰ দোকানত সংঘটিত হ'ল এক চুৰিকাণ্ড(Theft at Palhaji in Barpeta) ৷ দোকানখনৰ পৰা চোৰে লুটি নিলে লক্ষাধিক টকাৰ সা-সামগ্ৰী ৷ নিশা এন্ধাৰৰ সুজোগ লৈ দোকানখনত চোৰে চলালে চাফাই অভিযান ৷

দোকানৰ স্বতাধিকাৰী হামিদুল ইছলামে জনোৱা অনুসৰি, নিশা পালহাজী বজাৰস্থিত কাপোৰৰ দোকানখনৰ চাটাৰৰ টলা ভাঙি চোৰে লুটি নিলে প্ৰায় লক্ষাধিক টকাৰ কাপোৰ সহ নগদ ধন ৷ ঘটনা সন্দৰ্ভত দোকানৰ স্বত্বাধিকাৰী হামিদুল ইছলামে বৰপেটা সদৰ থানাত দাখিল কৰিছে এজাহাৰ ৷

উল্লেখ্য যে, পূৰ্বেও এনেধৰণৰ বহুকেইটা ঘটনা অঞ্চলটোত সংঘটিত হৈ আহিছে যদিও এই ক্ষেত্ৰত আৰক্ষীৰ নিষ্ক্ৰিয় ভুমিকাত অসন্তুষ্টি প্ৰকাশ সকিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : Bike lifter arrest : শিৱসাগৰত দুই বাইক চোৰক কৰায়ত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.