ETV Bharat / state

বিগত দুটা বছৰে মেৰামতি নহ'ল জনীয়াৰ গড়কাপ্তানী পথ

বানপানীৰ কৱলত ভাঙি যোৱা কলগাছিয়াৰ পৰা আমগুৰি হৈ বৰপেটালৈ যোৱা পথটো বিগত দুটা বছৰ ধৰি মেৰামতি বা পুনৰ নিৰ্মাণৰ কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই ৷ দীৰ্ঘদিনে যাতায়াতৰ ক্ষেত্ৰত জ্বলাকলা খুৱাই আহিছে সৰ্বসাধাৰণ ৰাইজক ৷

বিগত দুটা বছৰে মেৰামতি নহ'ল জনীয়াৰ গড়কাপ্তানী পথ
বিগত দুটা বছৰে মেৰামতি নহ'ল জনীয়াৰ গড়কাপ্তানী পথ
author img

By

Published : Mar 5, 2021, 7:10 PM IST

Updated : Mar 5, 2021, 7:19 PM IST

জনীয়া,5 মাৰ্চ: ৰাজ্যৰ পৰিৱৰ্তনকামী সোণোৱাল চৰকাৰখনে সৰ্বাংগীন উন্নয়নৰ ঢাক-ঢোল বজাই আহিলেও প্ৰকৃততে উন্নয়নৰ বাস্তৱ ছবিখন উদঙাই দিছে ৰাজ্যৰ জৰাজীৰ্ণ পথ সমূহে। এই জৰাজীৰ্ণ পথ সমূহে জ্বলাকলা খুৱাই আহিছে সৰ্বসাধাৰণ ৰাইজক। তাৰে এক উদাহৰণ স্বৰূপে প্ৰমাণিত হৈছে কলগাছিয়াৰ পৰা আমগুৰি হৈ বৰপেটালৈ যোৱা পথটো। বিগত দুটা বছৰ ধৰি বানপানীৰ কৱলত ভাঙি যোৱা পথটো আজিলৈকে মেৰামতি নহ'ল ৷ পুখুৰীসদৃশ গাঁত হৈ পৰা পথটো মেৰামতি বা পুনৰ নিৰ্মাণৰ কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই ৷

বিগত দুটা বছৰে মেৰামতি নহ'ল জনীয়াৰ গড়কাপ্তানী পথ

যাৰ ফলত দীৰ্ঘদিনে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে সাধাৰণ ৰাইজে । বহুবাৰ এই পথটোৰ দুৰাৱস্থাৰ বাবেই দুৰ্ঘটনাও সংঘটিত হৈছে। এই ক্ষেত্ৰত ৰাইজে বৰপেটাৰ সাংসদ আব্দুল খালেক, স্থানীয় বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু স্থানীয় প্ৰতিনিধি সকলক বহুবাৰ অৱগত কৰাইছে যদিও এতিয়ালৈ কোনো কানসাৰ দিয়া নাই। বিভাগীয় কৰ্তপক্ষৰ এনে গাফিলতিত অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজ ৷ অতি সোনকালে পথটো মেৰামতি কৰি যাতায়তৰ সুব্যৱস্থা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে।

লগতে পঢ়ক: বঢ়মপুৰ সমষ্টিত প্ৰফুল্ল কুমাৰ মহন্তৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ

Last Updated : Mar 5, 2021, 7:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.