শুৱালকুছি 18 মাৰ্চ : বস্ত্ৰনগৰী শুৱালকুছিত ধাৰাৱাহিকভাবে সংঘটিত হৈছে চুৰিকাণ্ড। মংগলবাৰে নিশা শুৱালকুছি কলিতাপাৰাৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ পৰা চোৰে লুটি নিলে সোণ আৰু ৰূপৰ আ-অলংকাৰ লগতে নগদ ধন । নামঘৰৰ মূল দৰ্জাৰ তলা ভাঙি চোৰে লুটি নিলে তিনিটাকৈ প্ৰণামী বাকচৰ টকা আৰু গুৰু আসনৰ পৰা লৈ গ'ল সোণ আৰু ৰূপৰ আ-অলংকাৰ।
উল্লেখ্য যে, বিগত এমাহত ধাৰাবাহিকভাৱে শুৱালকুছিৰ ছয়খনকৈ সত্ৰ, নামঘৰ আৰু দেৱালয়ত চোৰে লুট-পাত চলাই লুটি লৈ গৈছিল বহু মূল্যবান আ-অলংকাৰৰ লগতে নগদ ধন । শুৱালকুছি আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবে বাৰে-বাৰে চুৰিকাণ্ড সংঘটিত হৈ অহাৰ অভিযোগ স্থানীয় ৰাইজৰ ।
লগতে পঢ়ক : আদালতত মুখ ঠেকেছা এপি এছ চিৰ অভিযুক্তৰ