ETV Bharat / state

বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ বিধায়কৰ দল বৰপেটাত - বসন্ত দাস

বৰপেটাত উপস্থিত বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ বিধায়কৰ দল ৷ ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ কাম পৰীক্ষা কৰে দলটোৱে ৷

team of mlas went to barpeta for monitoring implementation government project
বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষন সমিতিৰ বিধায়কৰ দল বৰপেটাত
author img

By

Published : Nov 9, 2021, 8:25 PM IST

বৰপেটা, ৯ নৱেম্বৰ : বৰপেটাত উপস্থিত বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ আঠজনীয়া বিধায়কৰ দল ৷ দলটোৰ অধ্যক্ষ ৱাজেদ আলী চৌধুৰীৰ নেতৃত্বত যোৱা দলটোত আছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, হাফিজ বাছিৰ আহমেদ কাছিমী, বসন্ত দাস, কামলাক্ষ দে’ পুৰকায়স্থ, ভবেন্দ্ৰ নাথ ভৰালী, কৰিমুদ্দিন বৰভূঞা আৰু মাধৱ ডেকা ।

team of mlas went to barpeta for monitoring implementation government project
বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষন সমিতিৰ বিধায়কৰ দল বৰপেটাত

তেওঁলোকে প্ৰথমে ডিআৰডিএৰ দ্বাৰা চতুৰ্দশ বিত্তীয় আঁচনিৰ অধীনত চেঙাত নিৰ্মিত জিৰণি চ’ৰা পৰিদৰ্শন কৰে, তাৰ পিছত লোক-নিৰ্মাণৰ দ্বাৰা নিৰ্মাণ কৰা স্বাক্ষৰ আঁচনিৰ অধীনত চেঙা-বহৰি পথটো পৰিদৰ্শন কৰে ৷ ইয়াৰ পিছতে দলটো সৰুক্ষেত্ৰী সমষ্টিলৈ ৰাওনা হয় ৷

সৰুক্ষেত্ৰী সমষ্টিৰ কৃষ্ণগুৰু সেৱাশ্ৰমত জলসম্পদ বিভাগে নিৰ্মাণ কৰা SOPD-G আঁচনিৰ অধীনত ৫ কোটি ৩৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান আঁচনিটো পৰিদৰ্শন কৰে ৷

ইয়াৰোপৰি, দলটোৱে জিলাখনৰ বিভিন্ন বিভাগৰ আচনি পৰিদৰ্শন কৰিব বুলি জানিবলৈ দিয়ে ৷ আঁচনি সমুহ পৰিদৰ্শন কৰি ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ অধ্যক্ষ ৱাজেদ আলী চৌধুৰীয়ে কয় যে, চৰকাৰে আঁচনি সমুহৰ নামত দিয়া ধন সমুহ সঠিক ভাৱে ৰূপায়ন হৈছে নে নাই চোৱাতো আমাৰ দায়িত্ব ৷

বৰপেটা এখন কৃষি প্ৰধান জিলা ৷ জিলাখনৰ কৃষকে উৎপাদিত পাচলি বিক্ৰীৰ তথা সংৰক্ষণৰ ক্ষেত্ৰত সমস্যাত ভুগি থকা বুলিও তেওঁ উল্লেখ কৰে ৷ আনহাতে, সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰেও দলটিক সংগ দিয়ে ৷ জাকিৰ হুছেইন শিকদাৰে জানিবলৈ দিয়ে যে এনেধৰণৰ পৰিদৰ্শনে জিলাখনৰ উন্নতি হোৱাত সহায় কৰে ৷
লগতে পঢ়ক : ডিব্ৰুগড়ত আৰক্ষী বিষয়াৰে DGP ভাস্কৰ জ্যোতি মহন্তৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.