ETV Bharat / state

Post of Headmaster in primary schools:কলগাছিয়াত ৰূপসী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদী কাৰ্যসূচী

কলগাছিয়াত ৰূপসী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদী কাৰ্যসূচী । প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবী । ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দায়িত্ব পালনৰ বাবে দিয়া তিনিশ টকীয়া বানচ গ্ৰহণ নকৰাৰ সিদ্ধান্ত শিক্ষকৰ ।

author img

By

Published : Jul 19, 2023, 7:10 PM IST

creation of post of headmaster in primary schools
শিক্ষক সন্মিলনীৰ প্ৰতিবাদী কাৰ্যসূচী
শিক্ষক সন্মিলনীৰ প্ৰতিবাদী কাৰ্যসূচী

জনিয়া, 19 জুলাই : ৰাজ্যজুৰি অব্যাহত আছে শিক্ষক সমাজৰ প্ৰতিবাদ ৷ প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ পূৰণৰ দাবীত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ একগোট হৈ শিক্ষক সমাজ এইবাৰ প্ৰতিবাদত নামিছে ৷ প্ৰধান শিক্ষকৰ দায়িত্ব পূৰণৰ বাবদ দিয়া তিনিশ টকা বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে শিক্ষক সমাজে ৷

বৰপেটা জিলাৰ ৰূপসী প্ৰাথমিক শিক্ষাখণ্ডৰ কাৰ্যালয়ত বুধবাৰে ৰূপসী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ শিক্ষকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । উল্লেখ্য যে, সমগ্ৰ অসম ব্যাপী দীৰ্ঘদিন ধৰি প্ৰাথমিক বিদ্যালয়সমূহত পদহীন পদৰ বিপৰীতে জ্যেষ্ঠ শিক্ষকৰ ওপৰত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দায়িত্ব আৰু কৰ্ম অৰ্পণ কৰি শিক্ষক গৰাকীক মাহিলী মাত্ৰ তিনিশ টকা দায়িত্ব বানচ প্ৰদান কৰি চৰকাৰে অত্যাধিক কামৰ বোজা জাপি দি আহিছে । ফলত এগৰাকী শিক্ষকেই কেৰাণী, চকীদাৰৰ দায়িত্ব পালন কৰাৰ উপৰিও যাৱতীয় কাম-কাজ কৰিব লগীয়া হৈছে ।

অসম ৰাজ্যিক শিক্ষক সন্মিলনীয়ে প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত চলাই অহা আন্দোলনৰ অংশৰূপে বুধবাৰে ৰূপসী প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত ১৭৩ খন বিদ্যালয়ৰ শিক্ষকে তিনিশ টকাৰ দায়িত্ব বানচ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈ শিক্ষাবিষয়াৰ জৰিয়তে অসমৰ শিক্ষামন্ত্ৰীলৈ ১৭৩ খন ঘোষণা পত্ৰ প্ৰেৰণ কৰে ।

যেতিয়ালৈকে প্ৰাথমিক বিদ্যালয়সমূহত চৰকাৰে প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰে তেতিয়ালৈকে কোনো বৰ্ধিত কামৰ বোজা জাপি দিলে শিক্ষকসকলে সেই দায়িত্ব পালন নকৰে বুলি মত প্ৰকাশ কৰিছে শিক্ষকসকলে । অৱশ্যে দায়িত্ব বানচ গ্ৰহণ নকৰিলেও ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থত পূৰ্বৰে পৰা চলাই অহা মধ্যাহ্ন ভোজন, আন্তঃগাঁথনি আদিৰ দায়িত্ব পালন কৰিব বুলি সন্মিলনীৰ সভাপতি হিতেশ নাথ আৰু সম্পাদক আজিবৰ ৰহমানে ঘোষণা কৰে ।

লগতে পঢ়ক : Creation of post of headmaster in primary schools:প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত মত বিনিময় অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.