ETV Bharat / state

দুই সন্তান নীতিৰ সমালোচনা কৰি ৰাজ্যজুৰি কৰ্কথনাৰ সন্মুখীন আজমল - আজমলৰ ৰাজ্য চৰকাৰৰ নীতি বিৰোধী মন্তব্য

যিমান পাৰি সিমান সন্তান জন্ম দিবলৈ বদৰুদ্দিনৰ আজমলৰ আহ্বানক কঠোৰ সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ । দুটা সন্তানতে পৰিয়াল সীমাবদ্ধ ৰখাৰ ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা নীতিক সৰ্মথন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ।

আজমলে দুটাতকৈ অধিক সন্তান জন্ম দিয়া মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ
author img

By

Published : Oct 29, 2019, 6:27 PM IST

যোৰহাট, 29 অক্টোবৰ: চৰকাৰৰ নীতিৰ উৰ্দ্ধত গৈ আজমলে দুটাতকৈ অধিক সন্তান জন্ম দিয়াৰ আহ্বানক কঠোৰ সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ চৰকাৰে গ্ৰহণ কৰা দুটা সন্তানৰ নীতি সমালোচনা কৰি এ আই ইউ ডি এফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলে কৰা মন্তব্যক বিৰোধিতা কৰা লগতে সেইয়া তেওঁৰ ব্যক্তিগত মন্তব্য বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।

এই সন্দৰ্ভত নীতি অথবা আইন প্ৰণয়নত কৈ শিক্ষা ক্ষেত্ৰত চৰকাৰে অধিক গুৰুত্ব প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰে গগৈয়ে ৷ কাৰণ মানুহ শিক্ষিত হ’লে নিজে-নিজেই পৰিয়ালক লৈ সচেতন হ’ব বুলি উল্লেখ কৰি এই সন্দৰ্ভত জনসাধাৰণক সজাগ কৰিবলৈ ৰাজ্য চৰকাৰখনে ব্যাপক প্ৰচাৰ চলাব লাগিব বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ লগতে তৰুণ গগৈয়ে আৰ এছ এছক কটাক্ষ কৰি কয়, অকল আজমলকেই টাৰ্গেট কৰি ললে নহ’ব কাৰণ বিজেপি-আৰ এছ এছৰ বহু নেতাই অধিক সন্তান জন্ম দিয়াৰ পোষকতা কৰি আহিছে ৷

আজমলৰ মন্তব্যকলৈ প্ৰতিক্ৰিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

ইপিনে, আজমলৰ ৰাজ্য চৰকাৰৰ নীতি বিৰোধী মন্তব্যৰ পাচতেই জাঙুৰ খাই উঠিছে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নেতা-সদস্য সকল ৷ দুটা সন্তানৰ নীতি অসমৰ মুছলমানে মানি নলয় বুলি বদৰুদ্দিন আজমলে কৰা মন্তব্যৰ বিৰুদ্ধে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হাফিজুৰ ৰহমানৰ আজমলক প্ৰশ্ন-

কোনখন ইছলামৰ আইনত আছে অধিক সন্তান জন্ম দিয়াৰ কথা, তেওঁ সদৰি কৰক ৷

আজমলে অসমত মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ জৰিয়তে অসমখন মুছলমান ৰাজ্য কৰিব বিচাৰিছে নেকি বুলিও প্ৰশ্ন তুলি দুটা সন্তানৰ নীতিক অগ্ৰাহ্য কৰাৰ জৰিয়তে আজমলৰ গোপন ৰাজনৈতিক অভিসন্ধি ওলাই পৰা বুলিও মন্তব্য কৰে হাফিজুৰ ৰহমানে ৷

‘আজমলে মুছলমানৰ ৰাজনীতিৰে অসমত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব বিচাৰিছে’ বুলি উল্লেখ কৰি ৰাজ্যৰ গৰিয়া-মৰীয়া আৰু দেশী লোকসকলে আজমলৰ এনে কথা মানি নলয় বুলি কোৱাৰ লগতে অসমত আজমলক এনে নিকৃষ্ট ৰাজনীতি নকৰিবলৈকো সকীয়নি প্ৰদান কৰি আজমলক বাংলাদেশলৈ গৈ এনে ৰাজনীতি কৰিবলৈ আহ্বান জনালে গৰিয়া মৰিয়াৰ নেতাই ৷

আজমল গৰীয়া মৰীয়া দেশী জনগোষ্ঠীয় লোকৰ অভিভাৱক নহয় ৷ দুটা সন্তানৰ নীতিক লৈ আজমলৰ স্থিতিক সমালোচনা কৰি অসমৰ মুছলমানক লৈ কোনো মন্তব্য নকৰিবলৈ আজমলক সকীয়নি প্ৰদান কৰে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সম্পাদক আজিজুৰ ৰহমানে ৷ লগতে আজমল বিজেপিৰ মানসপুত্ৰ বুলি অভিহিত কৰে খিলঞ্জীয়া সুৰক্ষা বাহিনীৰ আহ্বায়ক গোবিন্দ গায়নে ৷

সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া

বিজেপিয়ে অসমত হিন্দুক লৈ আৰু আজমলে অসমৰ মুছলমানক লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰি আহিছে ৷ দুটা সন্তানৰ নীতিৰ বিৰোধিতা কৰা আজমলক গ্ৰেপ্তাৰৰ দাবী তোলে খিলঞ্জীয়া সুৰক্ষা বাহিনীৰ আহ্বায়ক গোবিন্দ গায়নে ৷

যিমান পাৰি সিমান সন্তান জন্ম দিয়াৰ বদৰুদ্দিনৰ আহ্বানক সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।।

দুটা সন্তানতে পৰিয়াল সীমাবদ্ধ ৰখাৰ বাবে ৰাজ্য চৰকাৰে কৰা নীতিক সৰ্মথন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।নীতি নিৰ্ধাৰণ কৰাত কৈ আইন প্ৰণয়ন কৰিব লাগে বুলিলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।আনহাতে চৰকাৰে গ্ৰহণ কৰা দুটা সন্তানৰ নীতি সমালোচনা কৰা এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে কৰা মন্তব্যক বিৰোধিতা কৰা লগতে সেইয়া তেওৰ ব্যক্তিগত মন্তব্য বুলিলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।আনহাতে বৰ্তমানৰ ৰাজ্য চৰকাৰ খনে ব্যাপক প্ৰচাৰ চলাব লাগিব আৰু শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব।বাংলাদেশৰ দৰে দেশ যদি জনসংখ্যা বৃদ্ধিৰ হাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে তেনেহলে আমাৰ দেশে কিয় নোৱাৰিব।কিন্তু একল আজমলকেই তাৰ্গেট কৰি ললে নহব কাৰণ বিজেপিৰ বহু নেতাই অধিক সন্তানৰ জন্ম ওপৰত মন্তব্য কৰি আহিছে,সেইয়া বিৰ্তক নহয়।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.