ETV Bharat / state

Tantikusi Award: বৰপেটাত পুৰুষোত্তম দাসৰ ১০৪ সংখ্যক জন্ম জয়ন্তীত বঁটা প্ৰদান - Madhavdev Award

তাঁতীকুছিৰ উদ্যোগত সত্ৰনগৰী বৰপেটাত শ্ৰীময়ী অসমীৰ শ্ৰষ্টা পুৰুষোত্তম দাসৰ ১০৪ সংখ্যক জন্মজয়ন্তী আৰু বঁটা প্ৰদান অনুষ্ঠান ৷ প্ৰয়াত বশিষ্ঠ দেৱশৰ্মাক 'তাঁতীকুছি বঁটা' প্ৰদান ৷ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক 'সমাজ দৰদী মথুৰাপুৰী বঁটা' আৰু বিজ্ঞান লেখক বিজয়কৃষ্ণ দেৱশৰ্মাক 'শিক্ষাবিদ অৰ্জুন চন্দ্ৰ দাস বঁটা' প্ৰদান (Award presentation at Barpeta) কৰা হয় ৷

Tantikusi Award
বৰপেটাত পুৰুষোত্তম দাসৰ ১০৪ সংখ্যক জন্ম জয়ন্তীত বঁটা প্ৰদান
author img

By

Published : Nov 15, 2022, 1:46 PM IST

বৰপেটা, ১৫ নৱেম্বৰ: সত্ৰনগৰী বৰপেটাৰ সামাজিক অনুষ্ঠান তাঁতীকুছিৰ উদ্যোগত সোমবাৰে শ্ৰীময়ী অসমীৰ স্ৰষ্টা পুৰুষোত্তম দাসৰ ১০৪ সংখ্যক জন্মজয়ন্তী পালন কৰা হয় (104th birth anniversary of Purushottam Das) ৷ পুৰুষোত্তম দাসৰ ১০৪ সংখ্যক জন্মজয়ন্তীৰ উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া প্ৰয়াত বশিষ্ঠ দেৱশৰ্মাক মৰণোত্তৰভাবে 'তাঁতীকুছি বঁটা' প্ৰদান কৰা হয় (Tantikusi Award presented at Barpeta) ৷ প্ৰয়াত বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ পুত্ৰ ভাস্কৰজ্যোতি শৰ্মাই এই বঁটা গ্ৰহণ কৰে ৷

বৰপেটাত পুৰুষোত্তম দাসৰ ১০৪ সংখ্যক জন্ম জয়ন্তীত বঁটা প্ৰদান

আনহাতে, প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ সভাপতিত্বত অনুষ্ঠিত উক্ত অনুষ্ঠানতে বৰপেটাৰ সন্তান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক 'সমাজ দৰদী মথুৰাপুৰী বঁটা' প্ৰদান কৰে এই অনুষ্ঠানটোৱে (Samaj Dardi Mathurapuri Award) ৷ একেটা অনুষ্ঠানতে গণিতজ্ঞ তথা বিজ্ঞান লেখক বিজয় কৃষ্ণ দেৱ শৰ্মাক 'শিক্ষাবিদ 'অৰ্জুন চন্দ্ৰ দাস বঁটা' প্ৰদান কৰা হয় (Educationist Arjun Chandra Das Award) ৷

বৰপেটাৰ অগ্ৰণী সামাজিক অনুষ্ঠান তাঁতীকুছিয়ে প্ৰদান কৰা সমাজ দৰদী মথুৰাপুৰী বঁটা গ্ৰহণ কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে এই বঁটা প্ৰাপ্তিয়ে কাম কৰাৰ প্ৰতি উৎসাহিত কৰিব বুলি প্ৰকাশ কৰে (Minister Ranjit Kumar Das) ৷ তেওঁ একেদৰে শ্ৰীময়ী অসমীৰ স্ৰষ্টা পুৰুষোত্তম দাসৰ কথা উল্লেখ কৰি আজিৰ বহুতেই শিল্পীগৰাকীক চিনি নোপোৱা বুলিও আক্ষেপ কৰে ৷ উক্ত অনুষ্ঠানটোত বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, বৰপেটা সত্ৰৰ বুঢ়া ভকত হেমেন আতৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰে ৷

উল্লেখ্য যে বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ বাসগৃহৰ চোতালতে বৰপেটাৰ একাংশ বিশিষ্ট লোকৰ নেতৃত্বত 'তাঁতীকুছি'ৰ জন্ম হৈছিল ৷ ইয়াৰ পূৰ্বে বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাই লাভ কৰিছিল মাধৱদেৱ বঁটা (Madhavdev Award)। সত্ৰনগৰী বৰপেটা বিভিন্ন সময়ত একাধিক নামেৰে পৰিচিত হৈ আহিছে ৷ একালত তাঁতীকুছি নামেৰে পৰিচিত ঐতিহ্যনগৰী বৰপেটাৰ পূৰ্বৰ নাম সুঁৱৰি তাঁতীকুছি নামৰ সামাজিক সাংস্কৃতিক সংস্থাটোৱে প্ৰতিবছৰে বিভিন্নজনক 'তাঁতীকুছি বঁটা' প্ৰদান কৰি আহিছে ৷

লগতে পঢ়ক:Ananta Ray maharaj controversy: গ্ৰেটাৰ কোচবিহাৰ পিপলচ এচোছিয়েশ্যনৰ নেতা অনন্ত ৰায় মহাৰাজৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.