ETV Bharat / state

অন্ধবিশ্বাস: কলগাছিয়াৰ এগৰাকী মহিলাৰ গাত তিনিটাকৈ ভূত - বিজ্ঞান প্ৰযুক্তি

বিজ্ঞান প্ৰযুক্তিৰ দ্ৰুত প্ৰসাৰেও অন্ধবিশ্বাসৰ মাত্ৰা কমাব পৰা নাই বহু লোকৰ মাজত ৷ তেনে এক ঘটনাৰ সাক্ষ্য কলগাছিয়াৰ বৰডাঙ্গা অঞ্চলৰ এগৰাকী মহিলা ৷

এগৰাকী মহিলাৰ গাত তিনিটাকৈ ভূত
এগৰাকী মহিলাৰ গাত তিনিটাকৈ ভূত
author img

By

Published : Aug 27, 2020, 3:36 PM IST

Updated : Aug 27, 2020, 4:45 PM IST

জনীয়া, 27 আগষ্ট: গৰাখহনীয়াত উটি যোৱাৰ উপক্ৰম হৈছে এটা ঘৰ ৷ ইতিমধ্যে ঘৰটোৰ প্ৰায় 60 শতাংশ জাহ গৈছে খহনীয়াত ৷ কিন্তু খহনীয়াত জাহ যোৱাৰ পাচতো সেই ঘৰটোৰ ভিতৰতে অহৰহ আৰাধনাত ব্যস্ত এগৰাকী আকোৰগোজ মহিলা ৷ তেওঁৰ দাবী তেওঁৰ গাত লম্ভিছে তিনিটাকৈ ভূত ৷ মহিলাগৰাকী অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ সম্প্ৰতি এক ভয়ংকৰ বিপদৰ দিশে গতি কৰিছে ৷ দয়ালু জতিশ বামুন ঠাকুৰ ৰ'জা, গিয়াছুদ্দিন আউলিয়া বাবা ছাদেক মৌলা আৰু ছাবিৰণ মা নামৰ তিনিটা অদৃশ্য শক্তিয়ে হেনো মহিলা গৰাকীক বিগত 30 টা বছৰে পৰিচালিত কৰি আহিছে ৷ ঠেলা চলাই ঘৰ চলোৱা স্বামীৰ কোনো কথাতে নচলে মহিলা গৰাকী ৷ যাৰ বাবে নদীৰ গৰাখহনীয়াত ৬০ শতাংশ জাহ যোৱাৰ উপক্ৰম হোৱাৰ পাচতো, ঘৰটোৰ ভিতৰতে মহিলাগৰাকীয়ে চলাই গৈছে অহৰহ আৰাধনা ৷ কোনো মানুহকে তেওঁ খুলিবলৈয়ো নিদিয়ে ঘৰটো ৷ মহিলা গৰাকীয়ে মম-ধূপ জ্বলাই ৬০ শতাংশ নদীত জাহ ঘৰটোত চলাই নিচে পূজা-অৰ্চনা ৷

অন্ধবিশ্বাস: কলগাছিয়াৰ এগৰাকী মহিলাৰ গাত তিনিটাকৈ ভূত

বিজ্ঞান প্ৰযুক্তিৰ দ্ৰুত প্ৰসাৰে পৃথিৱীখনক পৰিণত কৰিছে এখন সৰু গাঁৱলৈ ৷ তেনেস্থলত অন্ধবিশ্বাসে গ্ৰাস কৰিব পাৰে জানো আমাৰ সমাজক ? হয়তো পাৰে ! সেইবাবেই ভিন্ন সময়ত প্ৰান্তে প্ৰান্তে গা কৰি উঠা অন্ধবিশ্বাসে ৷ যদি কেতিয়াবা ডাইনী সজাই কোনো নিৰীহ মহিলাক হত্যা কৰিছে, কেতিয়াবা আকৌ নিজকে ঐশ্বৰিক শক্তিৰ এক ৰূপ হিচাপে পৰিগণিত কৰি বহুতে মোকলাইছে নিজৰ উপাৰ্জনৰ থল ৷ অন্ধবিশ্বাসৰ বলি হ'ল কলগাছিয়াৰ বৰডাঙ্গাৰ মহিলা গৰাকীও ৷ বিজ্ঞান প্ৰযুক্তিয়েও নোহোৱা কৰিব পৰা নাই অন্ধবিশ্বাস নামৰ বাধাৰ প্ৰাচীৰ খন ৷

গৰাখহনীয়াত ৬০ শতাংশ জাহ যোৱাৰ উপক্ৰম হোৱাৰ পাচতো, ঘৰটোৰ ভিতৰতে মহিলাগৰাকীয়ে চলাই গৈছে অহৰহ আৰাধনা

লগতে পঢ়ক: বিধায়ক প্ৰশান্ত ফুকনৰ সমষ্টিত 15 বছৰে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত এজন লোক

Last Updated : Aug 27, 2020, 4:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.