ETV Bharat / state

বৰপেটাৰ এখন চৰকাৰী বিদ্যালয়ে কঢ়িয়াইছে আশাৰ ৰেঙণি - কেওঁটকুছি মজলীয়া বিদ্যালয়

চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ বিপৰীত ছবি দেখা গ’ল বৰপেটাৰ এখন চৰকাৰী বিদ্যালয়ত ৷ কেওঁটকুছি মজলীয়া বিদ্যালয়ত অভিভাৱকসকলে ভিৰ কৰা দেখা গৈছে নিজৰ সন্তানৰ নামভৰ্তিৰ বাবে ৷

Success story of a school in Barpeta
বৰপেটাৰ এখন চৰকাৰী বিদ্যালয়ে কঢ়িয়াইছে আশাৰ ৰেঙণি
author img

By

Published : Jan 1, 2020, 9:08 PM IST

বৰপেটা, ১ জানুৱাৰীঃ বৰ্তমান চৰকাৰী বিদ্যালয়ৰ স্বৰূপটো সকলোৰে জ্ঞাত ৷ ৰাজ্যৰ বেছিসংখ্যক চৰকাৰী বিদ্যালয়তে অভাৱ শিক্ষাৰ্থীৰ ৷ শিক্ষাৰ্থীৰ অভাৱত ইতিমধ্যে বন্ধ হৈ গৈছে ৰাজ্যৰ বহু সংখ্যক বিদ্যালয় ৷ বৰ্তমান চৰকাৰী খণ্ডৰ বিদ্যালয়ত অধ্যয়নৰ প্ৰতি আগ্ৰহী নহয় অধিকাংশ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক ৷ কিন্তু এই সচৰাচৰ দেখিবলৈ পোৱা চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ বিপৰীত ছবি দেখা গ’ল বৰপেটাৰ এখন চৰকাৰী বিদ্যালয়ত ৷

বৰপেটাৰ এখন চৰকাৰী বিদ্যালয়ে কঢ়িয়াইছে আশাৰ ৰেঙণি

বৰপেটাৰ কেওঁটকুছি গাঁৱত অৱস্থিত কেওঁটকুছি মজলীয়া বিদ্যালয়ত নতুন বছৰটোৰ পহিলা দিনটোতে কঢ়িয়াই আনিছে এক ভাললগা পৰিৱেশ ৷ কেওঁটকুছি মজলীয়া বিদ্যালয়ত অভিভাৱকসকলে ভিৰ কৰা দেখা গৈছে নিজৰ সন্তানৰ নামভৰ্তিৰ বাবে ৷ ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ পৰিৱৰ্তে অভিভাৱকসকল আগ্ৰহী নিজৰ সন্তানক কেওঁটকুছি মজলীয়া বিদ্যালয়ত পঢ়ুৱাবলৈ ৷ কাৰণ চৰকাৰী খণ্ডৰ বিদ্যালয় হ’লেও ইয়াৰ শিক্ষা পদ্ধতি আৰু শিক্ষকসকলৰ কাম-কাজক লৈ যথেষ্ট সুখী অঞ্চলটোৰ লোকসকল ৷ বিদ্যালয়খনৰ শিক্ষকসকলে ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ সৈতে ফেৰ মাৰিবলৈ যত্ন কৰাৰ বাবেই শ-শ ছাত্ৰ ছাত্ৰীয়ে নৱবৰ্ষৰ পহিলা দিনটোত এনেদৰে ভিৰ কৰিছে বিদ্যালয়খনত ৷ যি সময়ত চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰী কমিবলৈ ধৰিছে সেই সময়তে কেওঁটকুছি মজলীয়া বিদ্যালয়ে কঢ়িয়াই অনা এই বাৰ্তা নিশ্চয়কৈ ৰাজ্যৰ আন অংশৰ চৰকাৰী বিদ্যালয়ৰ বাবে হ’ব পাৰে এক প্ৰেৰণাৰ উৎস ৷

আৰু পঢ়কঃপৰ্যটকসকললৈ সুখবৰ ! বৰঝাৰ বিমানবন্দৰত মুকলি Tourist Information Counter

Intro:
বৰপেটা, ১ জানুৱাৰীঃ চৰকাৰী খণ্ডৰ বিদ্যালয় সমুহৰ পয়ালগা অৱস্থাৰ কথা জানে সকলোৱে ৷ ৰাজ্যৰ বেছিসংখ্যক চৰকাৰী বিদ্যালয়তে অভাৱ ছাত্ৰ ছাত্ৰীৰ ৷ ছাত্ৰৰ অভাৱত ইতিমধ্যে বন্ধ হৈ গৈছে ৰাজ্যৰ বহু সংখ্যক বিদ্যালয় ৷ চৰকাৰী খণ্ডৰ বিদ্যালয়ত অধ্যয়নৰ প্ৰতি আগ্ৰহী নহয় অধিকাংশ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক ৷ পিছে ইয়াৰ বিপৰীত ছবি এখন দেখিবলৈ পোৱা গৈছে বৰপেটাৰ কেওঁটকুছি গাৱত অৱস্থিত কেওটকুছি মজলীয়া বিদ্যালয়ত ৷ Body:বিদ্যালয়খনত নতুন বৰ্ষৰ বাবে আজি আছিল নাম ভৰ্তিৰ দিন ৷ নতুন বছৰটোৰ পহিলা দিনটোৰ বাবে যেন কেওঁটকুছি মজলীয়া বিদ্যালয়খনে কঢ়িয়াই আনিছে এটা ভাললগা পৰিবেশ ৷ এয়া চাওক কিদৰে বিদ্যালয় চৌহদৰ চৌপাশে কি এক মনোমোহা, উখল মাখল পৰিবেশ ৷ অভিভাৱকসকলে নিজৰ সন্তানক লৈ আহিছে বিদ্যালয়খনত নামভৰ্তি কৰিবলৈ ৷ ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ পৰিৱৰ্তে অভিভাৱকসকল আগ্ৰহী নিজৰ সন্তানক কেওঁটকুছি মজলীয়া বিদ্যালয়ত পঢ়ুৱাবলৈ ৷ কাৰণ চৰকাৰী খণ্ডৰ বিদ্যালয় হলেও ইয়াৰ শিক্ষা পদ্ধতি আৰু শিক্ষকসকলৰ কামকাজক লৈ সুখী অঞ্চলটোৰ লোক ৷ বিদ্যালয়খনৰ শিক্ষকসকলে ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ সৈতে ফেৰ মাৰিবলৈ যত্ন কৰাৰ বাবেই শ শ ছাত্ৰ ছাত্ৰীয়ে নৱবৰ্ষৰ পহিলা দিনটোত এনেদৰে ভীৰ কৰিছে বিদ্যালয়খনত ৷ যি সময়ত চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰী কমিবলৈ ধৰিছে সেই সময়তে কেওঁটকুছি মজলীয়া বিদ্যালয়ে কঢ়িয়াই অনা এই বাৰ্তা নিশ্চয়কৈ ৰাজ্যৰ আন অংশৰ চৰকাৰী বিদ্যালয়ৰ বাবে হব পাৰে এক অনুপ্ৰেৰনাৰ উৎস ৷

Conclusion:বাইটঃ অভিভাৱক আৰু শিক্ষক ৷

--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.