ETV Bharat / state

Students community programme: বৰপেটাৰ বৰাদিত ছাত্ৰ-ছাত্ৰীসকলক লৈ সম্প্ৰদায় উৎসৱ পালন - Samagra Shiksha

পুথিগত শিক্ষাৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলক সামাজিক, সাংস্কৃতিকভাৱে পৰিপক্ক কৰি তোলাৰ উদ্দেশ্যৰে ৰাজ্যজুৰি সমগ্ৰ শিক্ষাৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে সম্প্ৰদায় উৎসৱ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটাতো অনুষ্ঠিত কৰা হয় সম্প্ৰদায় উৎসৱ (Students community programme held in Barpeta) । এই সম্প্ৰদায় উৎসৱত উপস্থিত থাকে বৰপেটা জিলাৰ উপায়ুক্ত আয়ুষ গৰ্গ ।

Students community programme held in Barpeta
বৰপেটাৰ সম্প্ৰদায় উৎসৱত বৰপেটা জিলাৰ উপায়ুক্ত আয়ুষ গৰ্গ
author img

By

Published : Dec 24, 2022, 10:54 AM IST

বৰপেটাৰ সম্প্ৰদায় উৎসৱত বৰপেটা জিলাৰ উপায়ুক্ত আয়ুষ গৰ্গ

বৰপেটা,২৩ ডিচেম্বৰ: পুথিগত শিক্ষাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক গীত, নৃত্য, বাদ্যৰ লগতে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় বিভিন্ন ব্যৱহাৰিক শিক্ষা প্ৰদানৰ উদ্দেশ্যে সমগ্ৰ শিক্ষাৰ(Samagra Shiksha) উদ্যোগত ৰাজ্যখনত পালন কৰা হৈছে সম্প্ৰদায় উৎসৱ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটা শিক্ষাখণ্ডৰ অধীনৰ বৰাদি গাঁৱৰ পৰমেশ তালুকদাৰ হাইস্কুলতো অনুষ্ঠিত কৰা হয় সম্প্ৰদায় উৎসৱ(Students community programme held in Barpeta) ।

শুকুৰবাৰে অনুষ্ঠিত সম্প্ৰদায় উৎসৱত উপস্থিত থাকে বৰপেটা জিলা উপায়ুক্ত আয়ুস গৰ্গৰ(Barpeta DC Ayush Garg) তথা অৱসৰপ্ৰাপ্ত উপায়ুক্ত থানেশ্বৰ মালাকাৰ ৷ তাৰোপৰি জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়াৰ লগতে প্ৰায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে কৰিলে অংশগ্ৰহণ ৷ পৰমেশ তালুকদাৰ হাইস্কুলত বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত সম্প্ৰদায় উৎসৱত ছাত্ৰ-ছাত্ৰীসকলে নৃত্য, গীত, কবিতা আবৃত্তি আদি বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰে ৷

লগতে প্ৰদৰ্শন কৰা হয় অসমীয়া জনজীৱনৰ লগত জড়িত বিভিন্ন সামগ্ৰী । ঢোল-পেঁপা, উঘা-চেৰেকী, তাঁতশালৰ উপৰিও বিভিন্ন অসমীয়া সাজ-পোচাক প্ৰদৰ্শন কৰা হয় এই সম্প্ৰদায় উৎসৱত । ইফালে সম্প্ৰদায় উৎসৱত ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা বিভিন্ন অনুষ্ঠান উপভোগ কৰাৰ লগতে অসমীয়া জনজীৱনৰ লগত জড়িত বিভিন্ন সামগ্ৰীসমূহৰ বুজ লৈ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা বৰপেটা জিলাৰ উপায়ুক্ত আয়ুষ গৰ্গে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ইয়াৰ জৰিয়তে শিশুসকলৰ সৰ্বাংগীন বিকাশ সাধন হ'ব বুলিও মন্তব্য কৰে ৷

লগতে বৰপেটা প্ৰশাসন তথা জিলাখনৰ বিভিন্ন বিদ্যালয়ে এই অনুষ্ঠান সুন্দৰকৈ আয়োজন কৰাত যথেষ্ট সুখী বুলি মন্তব্য কৰে জিলা উপায়ুক্তগৰাকীয়ে । এখন মঞ্চত থিয় হৈ যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে বিশাল জনতাক সম্বোধন কৰিব পাৰিব, তেতিয়াই ছাত্ৰ-ছাত্ৰীৰ সামাজিক উৎকৰ্ষ সাধন হ'ব বুলিও উল্লেখ কৰে বৰপেটা জিলাৰ উপায়ুক্ত আয়ুষ গৰ্গে । লগতে তেওঁ কয় যে, ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীণ উন্নতি কেৱল পাঠ্যপুথিৰ শিক্ষাতে সমাপ্ত নহয় । পাঠ্যপুথিৰ শিক্ষাৰ লগতে বহুমুখী প্ৰতিভা বিকাশ হ'লেহে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন উন্নতি হোৱা বুলি ক'ব পাৰি ।

ইফালে বৰ্তমান সময়ত চৰকাৰী বিদ্যালয়সমূহে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশ কৰাৰ প্ৰয়াস কৰি আছে আৰু ইয়াৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু চৰকাৰী বিদ্যালয়ৰ মাজৰ যি পাৰ্থক্য সেয়া লাহে লাহে নোহোৱা হ'ব বুলি উল্লেখ কৰে বৰপেটা জিলাৰ উপায়ুক্ত আয়ুষ গৰ্গে । লগতে জিলা উপায়ুক্তগৰাকীয়ে কয় যে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ বাবেই এনেদৰে চৰকাৰী বিদ্যালয়সমূহত এনেবোৰ অনুষ্ঠান অনুস্থিত কৰাৰ যথেষ্ট প্ৰয়োজন আছে ।

লগতে পঢ়ক: Worker died in Numaligarh refinery: ট্ৰাকৰ চেপাত মৃত্যু শোধনাগাৰৰ অস্থায়ী শ্ৰমিকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.