ETV Bharat / state

বৰপেটাত কৃতি শিক্ষাৰ্থী আৰু শিক্ষকলৈ সম্বৰ্ধনা

author img

By

Published : Sep 10, 2020, 7:11 PM IST

কৃতি ছাত্ৰ-ছাত্ৰী আৰু অৱসৰপ্ৰাপ্ত শিক্ষকলৈ সম্বৰ্ধনা ৷ বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চতলা জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত মইনবড়ী ব্ৰহ্মপুত্ৰ একাডেমীত অৱসৰপ্ৰাপ্ত শিক্ষক তথা কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন ৷ শিক্ষকসকলে সমাজৰ ভেটি সুদৃঢ় কৰে বুলি সাংসদ আব্দুল খালেকৰ মন্তব্য ৷

বৰপেটাত কৃতি ছাত্ৰ-ছাত্ৰী আৰু অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জ্ঞাপন

বৰপেটা, 9চেপ্তেম্বৰ: বৰপেটাত কৃতি ছাত্ৰ-ছাত্ৰী আৰু অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জ্ঞাপন ৷ বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চতলা জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত মইনবড়ী ব্ৰহ্মপুত্ৰ একাডেমিত 2019-20 শিক্ষা বৰ্ষত হাইস্কুল,হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ কৃতি ছাত্ৰ-ছাত্ৰীৰ লগতে লক ডাউনৰ সময়ছোৱাত অৱসৰ গ্ৰহণ কৰা শিক্ষক সকলকো ব্ৰহ্মপুত্ৰ একাডেমীত সম্বৰ্ধনা জনোৱা হয় ৷

অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক ৷ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনালে পিছৰ চাম ছাত্ৰ-ছাত্ৰীয়েও মনত উৎসাহ তথা প্ৰেৰণা পাই বুলি সংবাদ মাধ্যমৰ আগত খালেকে মন্তব্য কৰে ৷ শিক্ষকসকলে সমাজৰ ভেটি সুদৃঢ় কৰে বুলি মন্তব্য কৰি খালেকে কয় যে অৱসৰপ্ৰাপ্ত শিক্ষকক সন্মান জনোৱা মানেই শিক্ষক সমাজক সন্মান জনোৱা ৷

বৰপেটা জিলা পৰিষদৰ সদস্য নুৰুল ইছলাম তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাখনত সভাত আদৰণি ভাষণ প্ৰদান কৰে অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী অধীক্ষক অমৰ আলীয়ে। সভাখনত বৰপেটা জিলা পৰিষদৰ সভানেত্ৰী খানম নাজিমা আহমেদ,বৰপেটা জিলা পৰিষদৰ সদস্য ক্ৰমে এম হাবিব উল্লাহ আৰু শ্বহিদুল ইছলাম,পশ্চিম মইনবড়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ইব্ৰাহীম আলী আহমেদ,শিক্ষক সন্মিলনীৰ প্ৰাক্তন সভাপতি খিতিশ চন্দ্ৰ সাহাৰ লগতে ভালেসংখ্যক গণ্য মান্য ব্যক্তি অনুষ্ঠানটোত উপস্থিত থাকে ৷
লগতে পঢ়ক: বৰপেটাত বাহনসহ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.