ETV Bharat / state

Suicide case at Jania: FREE FIRE গেম খেলাত বাধা দিয়াৰ বাবেই আত্মহত্য়া ছাত্ৰৰ

author img

By

Published : Jun 9, 2022, 10:50 AM IST

Updated : Jun 9, 2022, 11:40 AM IST

Free Fire Game য়ে অমানিশা নমাই আনিলে জোনাইৰ এটা পৰিয়াললৈ ৷ Free Fire Game খেলাত বাধা দিয়াৰ বাবে আত্নহননৰ দৰে চৰম পন্থা বাচি ল'লে দশম শ্ৰেণীৰ এজন ছাত্ৰই ( Suicide case at Jania) ৷ মৃত ছাত্ৰজন ছানিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে ৷

Student commits suicide after family prevents him from playing FREE FIRE games on mobile
FREE FIRE গেম খেলাত বাধা দিয়াৰ বাবেই আত্মহত্য়া

জনিয়া, 8 জুন: মহাভাৰতত পাশাখেলৰ নিচাত পৰি যুধিষ্ঠিৰ নিজৰ ৰাজ্য, সম্পত্তি, ভায়েক কেইজন আনকি পত্নী দ্ৰৌপদীকো হেৰুৱাবলগীয়া হৈছিল । সেইদৰে আজি জনিয়াত Free Fire গেমৰ আসক্তিৰ বাবেই আত্নহননৰ দৰে চৰম পন্থা বাচি ল'লে দশম শ্ৰেণীৰ এজন ছাত্ৰই (Suicide case at Jania) ৷

মৃত ছাত্ৰজন সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত ঘুগুবাৰি গাঁৱৰ বাসিন্দা আনচেৰ আলীৰ পুত্ৰ ছানিদুল ইছলাম (17) বুলি জানিব পৰা হৈছে ৷ পৰিয়ালৰ লোকৰ মতে, ছানিদুল ইছলামৰ অনলাইন Free Fire গেমৰ প্ৰতি আছিল তীব্ৰ নিচা । দিন ৰাতি একাকাৰ কৰি Free fire গেম খেলি থকা পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰে ছানিদুলক ৷

লিখা-পঢ়াত মনোনিৱেশ নকৰি সকলো সময়তে গেম খেলি থকাৰ বাবে ছানিদুলক পৰিয়ালৰ লোকে বাধা দিয়ে ৷ ফলত বুধবাৰে ঘৰৰ সন্মুখত থকা গছত চিপ লয় ছানিদুলে (Student commits suicide after family prevents him from playing FREE FIRE games) ৷ পিছত ছানিদুলৰ (Student was spotted hanging from a tree) মাতৃয়ে এই ঘটনা প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকক অৱগত কৰে ৷

ছানিদুলৰ পৰিয়ালৰ লোকে লগে লগে ঘটনা সন্দৰ্ভত বৰপেটা থানাত খবৰ দিয়ে ৷ ইয়াৰ পিছতে ঘটনাস্থলীত বৰপেটা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । বৰ্তমান ছাত্ৰগৰাকীৰ মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটোত শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক : Lucknow murder case: PUB-G খেলিবলৈ নিদিয়াৰ বাবেই মাতৃক গুলীয়াই হত্যা কিশোৰৰ

Last Updated : Jun 9, 2022, 11:40 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.