বৰপেটাৰোড,17 জানুৱাৰী : বৰপেটাৰােড সাহিত্য সভাৰ উদ্যোগত দেওবাৰে বৰ্ণাঢ্য কার্যক্রমণিকাৰে শিল্পী দিৱস উদযাপন কৰা হয় । দেওবাৰে উদযাপিত এই অনুষ্ঠানতে সৰভােগ সমষ্টিৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে অসম চৰকাৰৰ United Fund 2018-19 ৰ অধীনত লাভ কৰা 12 লাখ টকাৰ অনুদানেৰে বৰপেটাৰোডত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা ক্ষেত্ৰত প্ৰতিষ্ঠা কৰা ড৹ ভূপেন হাজৰিকা দেৱৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কৰে ৷
অনুষ্ঠানৰ অংশ হিচাপে বৰপেটাৰােড সাহিত্য সভাৰ সভাপতি হিতেশ দাসে অসম সাহিত্য সভাৰ পতাকা উত্তােলন কৰাৰ পৰিৱৰ্তে বৰপেটাৰােড সাহিত্য সভাৰ সম্পাদক কুলেন চৌধুৰীয়ে স্মৃতি তৰ্পণ কৰে ৷
বৰপেটাৰােড আঞ্চলিক মহিলা সমিতিৰ শিল্পী সকলে পৰিৱেশন কৰা গীতৰে আৰম্ভ কৰা অনুষ্ঠানটোত বিধায়ক ৰণজিৎ কুমাৰ দাস, উপায়ুক্ত মুনীন্দ্র শর্মা, বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস, জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাস আৰু অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য গােবিন্দ তালুকদাৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ড৹ ভূপেন হাজৰিকাৰ কৰ্মৰাজি আৰু তথা অসমীয়া কলা- সংস্কৃতিৰ ক্ষেত্ৰ খনলৈ থকা তেওঁলোকৰ অৱদানৰ বিষয়ে বক্তব্য আগবঢ়ায় ৷
অনুষ্ঠানত অসম চেম্বাৰ্চ অফ কমাৰ্চৰ সভাপতি ৰূপম গোস্বামী, বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পার্থ প্রতিম খনিকৰ, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য গােবিন্দ তালুকদাৰ আৰু প্ৰতিমূৰ্তি নিৰ্মাণ কৰা শিল্পী টিহুৰ মহেন্দ্ৰ বৰুৱা উপস্থিত থাকে ৷
শিল্পী দিৱস উপলক্ষে উক্ত অনুষ্ঠানত বিশিষ্ট মৃন্ময় শিল্পী দুলাল পাল, উদীয়মান অভিনেত্ৰী জুনুমনি নাথ আৰু বড়ো কথাছবিৰ অভিনেতা ওমপ্ৰকাশ খেৰকটাৰীক সম্বৰ্ধনা জনোৱা হয় ৷