ETV Bharat / state

বিদ্যালয় খোলাৰ যো-জা কৰোতেই বানত ডুবিল একাংশ বিদ্যালয় - চেনিটাইজা

বুধবাৰে বিদ্যালয় খোলাৰ সম্ভাৱনা । এতিয়াও বানত ডুবি আছে বহু বিদ্যালয় । একাংশ বিদ্যালয়ত চলিছে পাঠদানৰ বাবে পূৰ্ণ প্ৰস্তুতি ৷

state-government-has-planned-to-open-schools-but-schools-are-still-submerged-in-floods
চৰকাৰে বিদ্যালয় খোলাৰ যো-জা কৰিছে কিন্তু এতিয়াও বানত ডুবি আছে একাংশ বিদ্যালয়
author img

By

Published : Aug 31, 2021, 10:27 PM IST

জনীয়া, 31 আগষ্ট : ৰাজ্যত এতিয়াও ক’ভিড মহামাৰীত প্ৰতিদিনে শতাধিক লোক আক্ৰন্ত হৈ আছে ৷ ৰাজ্য চৰকাৰে ইখনৰ পাচত সিখন SOP ঘোষণা কৰি আছে ক’ভিডৰ নীতি নিয়ম শিথিল কৰিবলৈ ৷ ৰাজ্য চৰকাৰে বুধবাৰৰ পৰা বিদ্যালয় খোলাৰ বাবে নতুন SOP ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ যাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় সমূহ পৰিস্কাৰ পৰিচ্ছন্নতা কৰাত লাগিছে একাংশ বিদ্যালয়ৰ কৰ্তৃপক্ষ ৷

চৰকাৰে বিদ্যালয় খোলাৰ যো-জা কৰিছে কিন্তু এতিয়াও বানত ডুবি আছে একাংশ বিদ্যালয়

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে কলগাছিয়াৰ একাংশ বিদ্যালয়তো চলিছে ছাফাই অভিযান । দক্ষিণ ৰূপসী হাইস্কুল, কলগাছিয়াৰ কে কে পাঠক হাইস্কুল, কে আই কে মেম’ৰিয়াল হাইস্কুল আদি বিদ্যালয় সমূহত মঙলবাৰে ৰাতি পুৱাৰে পৰা শিক্ষক-শিক্ষয়েত্ৰী সকলে ছাফাই অভিযান অব্যাহত ৰাখিছে ৷ লগতে চেনিটাইজাৰ কৰি পাঠদানৰ কাৰণে সাজু কৰি তুলিছে বিদ্যালয় সমূহ ।

লগতে পঢ়কঃ বানাক্ৰান্ত কৃষকক চৰকাৰে প্ৰদান কৰিব ক্ষতি পূৰণ : অতুল বৰা

আনহাতে চৰকাৰে বিদ্যালয় সমূহ পুনৰ আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি চলাইছে যদিও কেতবোৰ বিদ্যালয়ত পাঠদান কৰিব পৰিৱেশৰ সৃষ্টি হৈ থকা নাই ৷ এতিয়াও বেঁকী নদীৰ প্ৰৱল বানত ডুবি আছে কেইবাখনো বিদ্যালয় ।

ইয়াৰে দক্ষিণ বলাইপাথাৰ প্ৰাথমিক বিদ্যালয়, খাৰবাল্লী এল পি স্কুল, কাচুকাটি প্ৰাথমিক বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয় বানপানীৰ কৱলত ৷ যাৰ ফলত চিন্তিত হৈ পৰিছে বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে অভিভাৱক সকলো । এইক্ষেত্ৰত চৰকাৰ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়কঃ দিয়ুংমুখ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব NIA ক অৰ্পন কৰাৰ দাবী কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.