গুৱাহাটী, 4 ছেপ্টেম্বৰ: চুপাৰী ব্যৱসায়ীৰ পৰা ধনদাবী কৰি 2 ছেপ্টেম্বৰৰ দিনা গ্ৰেপ্তাৰ হৈছিল বজালীৰ পাঁচগৰাকীকৈ আৰক্ষী ৷ সমান্তৰালভাৱে পোহৰলৈ আহিছে অসম আৰক্ষীৰ বহু কলংকিত অধ্যায় ৷ তিনিদিন ধৰি জেৰা চলোৱাৰ অন্তত CID য়ে উপ-আৰক্ষী অধীক্ষক পুষ্কল গগৈক জেৰা চলোৱাৰ সমান্তৰালভাৱে যোৱা নিশা CID ৰ এক বৃহৎ দলে বজালীত অভিযান চলায় ৷ ইতিমধ্যে পুষ্কল গগৈ আৰু সিদ্ধাৰ্থ বুঢ়াগোঁহাইক গ্ৰেপ্তাৰ কৰা হৈছে ৷
বজালী আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইৰ চৰকাৰী আৱাসগৃহত অভিযান চলায় CID দলে ৷ CID য়ে আটকাধীন আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইৰ লগতে গাড়ীচালক দ্বীপজয় ৰয়ক লগত লৈ আনি শেষ নিশা পৰ্যন্ত জেৰা চলায় ৷ ইয়াৰ লগতে পাঠশালাৰ এখন মোবাইলৰ বিপণীত CID ৰ দলটোৱে অভিযান চলায় ।
উক্ত বিপণীখনত মূল গোচৰীয়া ৰবিউল ইছলামৰ লেপটপ ছফ্টৱেৰ আপডেট কৰিবলৈ দিয়া হৈছিল, ৰবিউলৰ লেপটপটো বিচাৰি CID ৰ দলে অভিযান চলায় । গাড়ী চালক দ্বীপজয় ৰয়ে জুবুৰ নামৰ মোবাইল বিপনীৰ পৰা বিভিন্ন দামী মোবাইল বজালী আৰক্ষীক যোগান ধৰিছিল বুলি জেৰাৰ যোগেদি পোহৰলৈ আহে ৷
নিশা 3 বজাত আৰক্ষী অধীক্ষকৰ চৰকাৰী বাসভৱন ছীল কৰি অভিযান সমাপ্ত কৰে CID দলটোৱে ৷ নতুন তথ্যৰ সন্ধানত পৰৱৰ্তী সময়ত আৰু কেইবাটাও স্থানত CID য়ে অভিযান চলোৱাৰ সম্ভাৱনা আছে ।
উল্লেখ্য যে, 16 জুলাইৰ নিশা 1.30 বজাত বজালী আৰক্ষীৰ এটা দল উপস্থিত হৈছিল ৰবিউল ইছলামৰ কৰাগাৰীস্থিত বাসগৃহত ৷ বলপূৰ্বকভাৱে ঘৰৰ দৰ্জা ভাগি আৰক্ষীৰ দলটো প্ৰৱেশ কৰিছিল বুলি ৰবিউলে অভিযোগ কৰে । আনকি ঘৰত থকা ৰবিউলৰ পৰিয়ালক অকথ্য গালি গালাজ কৰি ৰবিউলৰ কোঠাত অভিযান চলোৱাৰ উপৰিও বিভিন্ন ধৰণে হাৰাশাস্তি চলায় অহা বুলি ৰবিউলে অভিযোগ তোলে ।
ইয়াৰ পিচতে ৰবিউলে CID ৰ কাষ চাপি সমগ্ৰ ঘটনা বৰ্ণনা কৰি 31 আগষ্টত এজাহাৰ দাখিল কৰিছিল । এই এজাহাৰৰ ভিত্তিতে 14/23 নম্বৰত চি আই ডিত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হয় অভিযুক্ত 5 জন আৰক্ষীক ।
লগতে পঢ়ক: Bajali Corruption Case: বজালীৰ ধনদাবী কাণ্ডৰ ৫ অভিযুক্ত আৰক্ষীক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ