জনীয়া, ১৫ ছেপ্টেম্বৰ : বৰপেটা জিলাত পুনৰ মধ্যাহ্ন ভোজনৰ (Mid day meal) নামত দুৰ্নীতি । শওঁপুৰ মধ্য ইংৰাজী মাদ্ৰাছাৰ প্ৰধান শিক্ষক আব্দুল কদ্দুছে মধ্যহ্ন ভোজনৰ সামগ্ৰী বিতৰণত ব্যপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠিছে । ৰূপসী শিক্ষা খণ্ডৰ অন্তৰ্গত মাদ্ৰাছাখনৰ প্ৰধান শিক্ষক আব্দুল কদ্দুছে বিভিন্ন বিদ্যালয়ৰ পৰা শিক্ষাৰ্থীক মাতি আনি বিদ্যালয়ৰ সমীপত থকা এটা ঘৰত সামান্য পৰিমাণে সামগ্ৰী বিতৰণ কৰোঁতেই ওলাই পৰিল জোলোঙাৰ মেকুৰী ।
আব্দুল কদ্দুছে বিগত প্ৰায় ৪ বছৰে ছাত্ৰ-ছাত্ৰী অবিহনে ছাত্ৰ-ছাত্ৰীৰ মধ্যহ্ন ভোজনৰ ধন, TLM ৰ ধন আত্মসাৎ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰধান শিক্ষক গৰাকীয়ে নিজ মুখে স্বীকাৰ কৰিলে ছাত্ৰ-ছাত্ৰীসকলৰ মধ্যাহ্ন ভোজনৰ নামত আৰু বিগত ছয় মাহত কি কি সামগ্ৰী বিতৰণ কৰিলে । উল্লেখ্য যে, বৰপেটাৰ পৰা জনীয়া হৈ অভয়াপুৰীলৈ যোৱা ৰাজ্যিক ঘাইপথে বিদ্যালয়ৰ মাটি অধিগ্ৰহণ কৰাৰ ফলত বিদ্যালয়খনৰ একাউণ্টলৈ আগবঢ়োৱা ৬ লাখ ১৮ হাজাৰ টকাৰ পৰা ১ লাখ টকা প্ৰধান শিক্ষক আব্দুল কদ্দুছে আত্মসাৎ কৰাৰ কথাও স্বীকাৰ কৰিলে নিজ মুখেৰে ।
এতিয়া ৰাইজে প্ৰশ্ন কৰিছে কোন বিষয়া-কৰ্মচাৰীৰ ছত্ৰ-ছায়াত প্ৰধান শিক্ষকে এনেকুৱা দুৰ্নীতি কৰিবলৈ সাহস পালে ? ঘটনা সন্দৰ্ভত দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষক আব্দুল কদ্দুছ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৱাজেদ আলীৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই পদক্ষেপ গ্ৰহণ কৰিব নে ?
লগতে পঢ়ক :তিনিবাৰ সলনি কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ নামভৰ্তিৰ সময়সীমা