বৰপেটা, 30 অক্টোবৰ: বৰপেটাত বৃদ্ধি পাইছে অসামাজিক কাৰ্য্যকলাপ ৷ মদ,ড্ৰাগছ আৰু জুৱাৰ লগতে এইবাৰ নাৰী দেহ ব্যৱসায়ী চক্ৰ গঢ় লৈ উঠিছে চহৰখনৰ বিভিন্ন অঞ্চলত ৷ গোপন সূত্ৰৰ খবৰৰ ভিত্তিত শুকুৰবাৰে চলোৱা আৰক্ষীৰ অভিযানত চহৰখনৰ গান্ধীনগৰস্থিত এটা ভাড়া ঘৰৰ পৰা আটক হয় এটা নাৰী দেহ ব্যৱসায়ী চক্ৰ ৷ বৰপেটাৰ নগৰ আৰক্ষী পৰিদৰ্শক মুনীন্দ্ৰ দাসৰ তৎপৰতাত আৰক্ষীয়ে অভিযান চলাই নাৰী দেহ ব্যৱসায়ৰ ঘাটিটো উৎখাট কৰে ৷ লগতে দেহ ব্যৱসায়ত জড়িত দুগৰাকী যুৱতী আৰু চফিকুল ইছলাম,ৰাইজুদ্দিন আৰু মান্নান আলী নামৰ তিনিজন যুৱকক কৰায়ত্ব কৰে ৷
ইতিমধ্যে ভাড়া ঘৰটোৰ গৰাকী আজগৰ আলী আৰু তেখেতৰ পত্নীকো আটক কৰিছে আৰক্ষীয়ে । ভাড়াঘৰটোৰ পৰা আৰক্ষীয়ে মদৰ বটল আৰু বহু আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে ৷