ETV Bharat / state

Scam in Panchayat:কুমুল্লীপাৰা পঞ্চায়তত কাম নকৰাকৈয়ে সৰকালে ধন

author img

By

Published : Aug 8, 2022, 9:43 PM IST

বৰপেটা জিলাৰ ১০২ নং কুমুল্লীপাৰা গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগ আঁচনিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে (Scam in 14th Finance Commission Scheme in Barpeta)। অভিযোগ অনুসৰি পঞ্চায়তৰ সভানেত্ৰীয়ে কাম নকৰাকৈ উলিয়াই নিলে আঁচনিৰ ধন ।

scam in 14th Finance Commission Scheme
scam in 14th Finance Commission Scheme

জনীয়, 8 আগষ্ট: বৰপেটা জিলাৰ ১০২ নং কুমুল্লীপাৰা গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগ আঁচনিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে (Scam in 14th Finance Commission Scheme in Kumullipara Panchayat)। ধন আৱন্টনৰ পিছতো সম্পূৰ্ণ নহ'ল আঁচনিৰ কাম । উত্থাপিত অভিযোগ অনুসৰি ২০১৭-১৮ বিত্তীয় বৰ্ষত আৱন্টিত গৰেমাৰী পাথাৰ দুৰ্গা মন্দিৰৰ দেৱালৰ কাম আজি পৰ্যন্ত আৰম্ভ নহ'ল । পঞ্চায়তৰ সভানেত্ৰীয়ে কাম নকৰাকৈ আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ উঠিছে । অতি সোনকালে দেৱাল নিৰ্মাণৰ দাবী জনাইছে স্থানীয় ৰাইজে (Scam in 14th Finance Commission Scheme in Barpeta)।

যি সময়ত বিভাগীয় কৰ্তৃপক্ষই চুতুৰ্দশ বিত্তীয় আয়োগ আঁচনিৰ কাম বন্ধ কৰি পঞ্চদশ বিত্তীয় আয়োগ আঁচনিৰ কাম আৰম্ভ কৰিছে সেই সময়তে ১০২ নং কুমুল্লীপাৰা গাঁও পঞ্চায়তত পূৰ্বৰ আঁচনিৰ কাম সম্পূৰ্ণ নকৰাৰ অভিযোগ উঠিছে । ১০২ নং কুমুল্লীপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰুমা পাৰবীন চুলতানা খানমে ২০১৭-১৮ বিত্তীয় বৰ্ষৰ চতুৰ্থদশ বিত্তীয় আয়োগ আঁচনিৰ ২৫ শতাংশ ধন উলিয়াই নিয়াৰ পিছতো কাম নকৰাৰ তথ্য পোহৰলৈ আহিছে ।

কুমুল্লীপাৰা পঞ্চায়তত কাম নকৰাকৈয়ে সৰকালে ধন

গাঁও পঞ্চায়তখনৰ সভানেত্ৰীগৰাকীয়ে ২০১৭-১৮ বিত্তীয় বৰ্ষত মন্দিৰটোৰ চৌহদৰ দেৱাল নিৰ্মাণৰ বাবে চতুৰ্দশ বিত্তীয় আয়োগৰ পৰা ২ লাখ টকা আৱণ্টন দিছিল । কিন্তু আঁচনিৰ ধন মোকলাই নিয়াৰ পিছতো আজিকোপতি চৌহদৰ দেৱাল নিৰ্মাণ কৰা নাই । এই ক্ষেত্ৰত গাঁওখনৰ ৰাইজে অভিযোগ কৰি কয় যে, বিজেপিৰ নেত্ৰী হোৱা বাবেই এই গাঁওখনৰ ৰাইজক বঞ্চিত কৰি ৰাখিছে । ক্ষুব্ধ ৰাইজে অতি সোনকালে দুৰ্গা মন্দিৰৰ চৌহদৰ দেৱালৰ লগতে বাট-পথৰ কাম কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:FCI finally set a record: অসমৰ পৰা এফ চি আয়ে ক্ৰয় কৰিলে সৰ্বাধিক ধান

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.