ETV Bharat / state

বৰপেটাত প্ৰধানমন্ত্ৰী আৱাস যোজনাত ব্যাপক কেলেংকাৰী

author img

By

Published : Sep 28, 2020, 6:10 PM IST

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী নিৰ্বাচনত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ অভিযোগত দেওবাৰে কেওটকুছি গাঁও পঞ্চায়ত ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক বঞ্চিত হিতাধিকাৰীয়ে ৷

Scam at PMAYG at Barpeta
বৰপেটাত প্ৰধানমন্ত্ৰী আৱাস যোজনাত ব্যাপক কেলেংকাৰী

বৰপেটা, 28 ছেপ্টেম্বৰঃ বৰপেটাৰ কেওটকুছি গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী নিৰ্বাচনত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী তালিকাত গাঁও পঞ্চায়তখনৰ অধীনৰ কেওটকুছি গাঁওৰ 2 আৰু 3 নং ৱাৰ্ড দুটাৰ এটা পৰিয়ালৰো নাম হিতাধিকাৰী তালিকাত নথকাক কেন্দ্ৰ কৰি গাঁওখনত সৃষ্টি হৈছে তীব্ৰ ক্ষোভৰ ৷ সোমবাৰে কেওটকুছি গাঁৱৰ শতাধিক পৰিয়ালে দুই কিলোমিটাৰ পথ খোজ কাঢ়ি বাৰাদিত অৱস্থিত পঞ্চায়ত কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

গাঁওবাসীয়ে অভিযোগ কৰা মতে, পঞ্চায়তে অনুষ্ঠিত কৰা গাঁওসভাত কেওটকুছি গাঁৱৰ দিন হাজিৰা কৰা শ্ৰমিক, ৰিক্সা আৰু ঠেলাচালক, ক্ষুদ্ৰ ব্যৱসায়ী আৰু দুখীয়া কৃষক সকলক লৈ 200 টা পৰিয়ালৰ নাম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী হিচাপে বাচনি কৰা হৈছিল ৷ আনকি এই লোকসকলৰ জিঅ' টেগ' পৰ্যন্ত কৰা হৈছিল ৷ পিছে জিঅ' টেগ কৰাৰ পিচতো কেওটকুছি গাঁওৰ এটা অসমীয়া পৰিয়ালৰ নামতো নাহিল ঘৰ ৷

ইয়াকে লৈ কেওটকুছিৰ শতাধিক খিলঞ্জীয়া অসমীয়া পৰিয়ালৰ পুৰুষ মহিলাই বাট কুৰি বাই গৈ পঞ্চায়ত কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ ৰাইজৰ দাবী ইয়াৰ অন্তৰালত জড়িত থকা ব্যক্তিক বিচাৰি উলিয়াই প্ৰশাসনে কঠোৰ শাস্তি প্ৰদান কৰক ৷ লগতে দৰিদ্ৰ বঞ্চিত হিতাধিকাৰী সকলক প্ৰাপ্য ঘৰ প্ৰদান কৰাৰ আহ্বান জনাইছে ক্ষোভিত ৰাইজে ৷ এই সন্দৰ্ভত চক্ৰ বিষয়াৰ জড়িয়তে জিলা উপায়ুক্তলৈ এখন স্মাকক পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে ৷ অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলা হুংকাৰ ৰাইজৰ ৷

লগতে পঢ়ক: নলবাৰী আৰক্ষীৰ জালত নিচাজাতীয় সামগ্ৰীসহ 4 জন লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.