ETV Bharat / state

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাক বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি - ৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা

হঠাৎ অসুস্থ হৈ পৰিছে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা (Sick Satradhikar Basistha Dev Sarma) ৷ বৰ্তমান বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াগৰাকী ৷

Etv Sick Satradhikar Basistha Dev Sarma
বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা
author img

By

Published : Oct 10, 2022, 4:17 PM IST

Updated : Oct 10, 2022, 6:05 PM IST

বৰপেটা, 10 অক্টোবৰ : অসুস্থ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা ৷ দেওবাৰে হঠাৎ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা অসুস্থ হৈ পৰাত ভৰ্তি কৰোৱা হয় বৰপেটা মেডিকেল কলেজ হাস্পতালত (Satradhikar Basistha Dev Sarma admitted in BMCH) ৷ বৰ্তমান বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াগৰাকী ৷

দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত বিভিন্ন ৰোগত আক্ৰান্ত বুঢ়াসত্ৰীয়াগৰাকীক নিয়মীয়াভাৱে চিকিৎসা সেৱা প্ৰদান কৰি থকা হৈছে (Sick Satradhikar Basistha Dev Sarma) ৷ দেওবাৰে হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত বুঢ়াসত্ৰীয়াগৰাকীক বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় ৷

বাতৰি যুগুত কৰা পৰলৈকে চিকিৎসকৰ তৎতাৱধানত বিভিন্ন স্বাস্থ্য পৰীক্ষা কৰা হৈছে বুঢ়াসত্ৰীয়াগৰাকীৰ ৷

স্বাস্থ্য সম্বৱন্ধীয় কিছু ৰিপ’ৰ্ট অহাৰ পাছতহে বুঢ়াসত্ৰীয়াগৰাকীক উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হ’ব নে নাই সেই সন্দৰ্ভত সিদ্ধান্ত ল’ব হাস্পতাল কৰ্তৃপক্ষই ৷ বিশেষজ্ঞ চিকিৎসকৰ সৈতে আলোচনাৰ অন্তত বিয়লিৰ ভাগলৈ সকলো সিদ্ধান্ত ল’ব হাস্পতাল কৰ্তৃপক্ষ তথা চিকিৎসকে ৷

সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰী কৰিছে বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে ৷

লগতে পঢ়ক : নাইজেৰিয়াত শোকাৱহ ঘটনা: নাও দুৰ্ঘটনাত নিহত ৭৬ গৰাকী লোক

Last Updated : Oct 10, 2022, 6:05 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.