বৰপেটা, 8 অক্টোবৰ : সত্ৰ নগৰী বৰপেটাকে মুখ্য কৰি বৰপেটা জিলাৰ সকলো সত্ৰ নামঘৰতে মঙলবাৰে সত্ৰীয়া ৰীতি-পৰম্পৰাৰে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে ৷ বৰপেটা সত্ৰত সত্ৰীয়া ৰীতি-পৰম্পৰা অনুসৰি বিবিধ কাৰ্যসূচীৰে পালন কৰা হৈছে গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ ৷ বৰপেটা সত্ৰত গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে ভকত-বৈষ্ণৱসকলে পুৱাৰ সময়ত নাম প্ৰসংগত ভাগ লয় ৷ হৰিনাম কীৰ্তনৰ ধ্বনিত মুখৰিত হৈ পৰে সত্ৰনগৰী বৰপেটাৰ চৌদিশ ৷ পুৱাৰ প্ৰসংগৰ লগতে পৰম্পৰা অনুসৰি কীৰ্তনঘৰত ঘোষা-কীৰ্তন পাঠ কৰা হয় ৷
বৰপেটা সত্ৰৰ ডেকা সত্ৰাধিকাৰ নৱজিৎ দাস বাপে পুৱাৰ নাম-প্ৰসংগত অংশগ্ৰহন কৰে ৷ সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে বৰপেটা সত্ৰত পালন কৰা গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে সত্ৰনগৰী বৰপেটাৰ ভকত-বৈষ্ণৱ, বাপ-বান্ধৱ, আই-মাতৃসকলে সত্ৰত উপস্থিত হৈ গুৰুজনালৈ সেৱা ভক্তি নিবেদন কৰে ৷ ইপিনে বৰপেটা বৰবজাৰ যুৱক সংঘয়ো ৪ দিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ পালন কৰিছে ৷ গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে সোমবাৰে সন্ধিয়া বৰবজাৰ যুৱক সংঘই মুল বজাৰৰ পৰা গায়ন-বায়নৰ সৈতে শোভাযাত্ৰা কৰি গৈ বৰপেটা সত্ৰত শৰাই আগবঢ়ায় ৷ বৰপেটা সত্ৰৰ লগতে বৰপেটাৰোড শাখা সত্ৰ, পাটবাউসী সত্ৰ, গজিয়া সত্ৰ, জনীয়া সত্ৰ, সুন্দৰীদিয়া সত্ৰ, বাৰাদি সত্ৰ, গোমূৰা সত্ৰ, চেঙাৰ ভৰি ধুৱাঘাট সত্ৰ আদিতো গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে ৷