ETV Bharat / state

দিনজোৰা কাৰ্যসূচীৰে বৰপেটা সত্ৰত পালন কৰা হ’ব মহাপুৰুষ শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ

author img

By

Published : Oct 15, 2021, 10:00 AM IST

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ(Sankardev Janmotsav) উপলক্ষে বৰপেটা সত্ৰত দিনজোৰা কাৰ্যসূচী ৷ হৰিনাম কীৰ্তনৰ ধ্বনিত মুখৰিত হৈ পৰিছে সত্ৰনগৰী বৰপেটা(Barpeta Satra)ৰ চৌপাশ ৷ নাম-প্ৰসংগৰে পাচতে এক ভাগৱত শোভাযাত্ৰাও উলিয়াব ভকত-বৈষ্ণৱসকলে ৷

sankardev-janmotsav-observed-at-barpeta-satra
বৰপেটা সত্ৰত মহাপুৰুষ শংকৰদেৱৰ জন্মোৎসৱ

বৰপেটা, 15 অক্টোবৰ : সত্ৰনগৰী বৰপেটাকে মুখ্য কৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰক চাৰিওজনা গুৰুৰ মিলনভূমি বৰপেটা জিলাৰ প্ৰায়বোৰ সত্ৰ-নামঘৰতে শুকুৰবাৰে সত্ৰীয়া ৰীতি-পৰম্পৰাৰে পালন কৰা হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ(Srimanta Sankardev)ৰ 573 সংখ্যক জন্মোৎসৱ(Sankardev Janmotsav) পালন ৷ ইয়াৰ সমান্তৰালকৈ বৰপেটা সত্ৰতো(Barpeta Satra) দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ জন্ম জয়ন্তী পালন কৰা হয় ৷

গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে বৰপেটা সত্ৰত ভকত বৈষ্ণৱসকলে পুৱাৰ প্ৰসংগত ভাগ লয় ৷ হৰিনাম কীৰ্তনৰ ধ্বনিত মুখৰিত হৈ পৰে সত্ৰনগৰী বৰপেটাৰ চৌদিশ ৷ পুৱাৰ প্ৰসংগৰ লগতে কীৰ্তনঘৰত ঘোষা-কীৰ্তন আদিও গোৱা হয় ৷ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মা আৰু ডেকা সত্ৰীয়া গৌতম পাঠক বাপ দুজনায়ো পুৱাৰ প্ৰসংগত অংশগ্ৰহণ কৰে ৷

বৰপেটা সত্ৰত মহাপুৰুষ শংকৰদেৱৰ জন্মোৎসৱ

সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে বৰপেটা সত্ৰত পালন কৰা গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে সত্ৰনগৰী বৰপেটাৰ ভকত বৈষ্ণৱ, বাপ বান্ধৱ, আই মাতৃসকলে সত্ৰত উপস্থিত হৈ গুৰুজনালৈ সেৱা ভক্তি নিবেদন কৰে ৷ ইফালে, গুৰুজনাই উজনি অসম ত্যাগ কৰি ধুৱাহাটা বেলগুৰিৰ পৰা ভকত সমন্বিতে ভটিয়াই আহি বৰপেটাৰ পালেংদিবৰীত ছমাহ কাল নিৱাস কৰা ঐতিহ্যমণ্ডিত থান চিনপৰা ভিঠি থানতো দুদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰিছে ৷

গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে পুৱাৰ প্ৰসংগৰ পাচতে বৰপেটা সত্ৰৰ পৰা বৰবজাৰলৈ ভকত বৈষ্ণৱৰ অংশগ্ৰহণেৰে এক ভাগৱত শোভাযাত্ৰা উলিওৱা হ’ব ৷ বৰপেটা সত্ৰৰ লগতে বৰপেটাৰোড শাখা সত্ৰ, পাটবাউসী সত্ৰ, গজিয়া সত্ৰ, জনীয়া সত্ৰ, সুন্দৰীদিয়া সত্ৰ, বাৰাদি সত্ৰ, গোমূৰা সত্ৰ, চেঙাৰ ভৰি ধুৱা ঘাটসত্ৰ আদিতো গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে ৷

লগতে পঢ়ক : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 573 সংখ্যক জন্ম জয়ন্তী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.