ETV Bharat / state

সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক জগন্নাথ বায়নৰ দেহাৱসান

author img

By

Published : Nov 3, 2021, 11:01 PM IST

Updated : Nov 4, 2021, 8:35 AM IST

সত্ৰনগৰী বৰপেটাৰ বিশিষ্ট সত্ৰীয়া শিল্পী তথা সংগীত নাটক অকাডেমী বঁটা(Sahitya Akademi Award)প্ৰাপক জগন্নাথ বায়ন(Jagannath Bayan) আৰু নাই ৷ দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত শয্যাশায়ী হৈ আছিল শিল্পীগৰাকী ৷ বুধবাৰে নিশা প্ৰায় 8 বাজি 20 মিনিটত ইহলীলা সম্বৰণ ঘটে সত্ৰীয়া শিল্পী জগন্নাথ বায়নৰ ৷

sangeet-natok-academi-awardy-jagannath-bayan-demised
সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক জগন্নাথ বায়নৰ দেহাৱসান

বৰপেটা, 4 নৱেম্বৰ : ইহ সংসাৰৰ পৰা বিদায় মাগিলে সত্ৰনগৰী বৰপেটাৰ বিশিষ্ট সত্ৰীয়া শিল্পী তথা সংগীত নাটক অকাডেমী বঁটা(Sahitya Akademi Award)প্ৰাপক জগন্নাথ বায়ন(Jagannath Bayan)য়ে ৷ বুধবাৰে নিশা প্ৰায় 8 বাজি 20 মিনিটত মৃত্যু হয় বিশিষ্ট সত্ৰীয়া শিল্পীগৰাকীৰ ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 96 বছৰ ৷

অসমৰ পৰম্পৰাগত খোল-বাদ্যলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ স্বীকৃতিস্বৰূপে সংগীত নাটক অকাডেমীয়ে 2017 বৰ্ষৰ অকাডেমী বঁটা আগবঢ়াইছিল বিশিষ্ট শিল্পীগৰাকীক৷ দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত শয্যাশায়ী হৈ আছিল সত্ৰীয়া শিল্পীগৰাকী ৷ 1925 চনৰ 3 মে’ত সত্ৰনগৰী বৰপেটাৰ কুজীৰদ’ হাটীৰ এটা সত্ৰীয়া সাংস্কৃতিক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল জগন্নাথ বায়নে ৷

বৰপেটা সত্ৰৰ মুখ্য বায়ন জগন্নাথ বায়নে অসম চৰকাৰৰ শিল্পী পেঞ্চন, গোকুল পাঠক বঁটা, বৰপেটা শিৰোমণি বঁটা আৰু সত্ৰভূষণ উপাধিও লাভ কৰিছিল ৷ বৰপেটা সত্ৰৰ দৈনন্দিন সেৱায়িত কাৰ্যৰ সৈতে জড়িত জগন্নাথ বায়নে খোলটোকেই সংগী হিচাপে গ্ৰহণ কৰি সত্ৰনগৰী বৰপেটাৰ পৰা আৰম্ভ কৰিছিল বিশ্বমুখী যাত্ৰা ৷

বৰপেটা সত্ৰ(Barpeta Satra)ৰ সত্ৰীয়া পৰম্পৰাক জীয়াই ৰখাৰ কামত ব্ৰতী হৈ অহা শিল্পীগৰাকীয়ে গুৰুজনাৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰতে ওৰেটো জীৱন উচৰ্গা কৰি আহিছিল ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত বৰপেটা চহৰৰ নখান্দা নৈৰ তীৰৰ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব শিল্পীগৰাকীৰ ৷ শিল্পীগৰাকী মৃত্যুৰ বাতৰিয়ে শোকাকুল কৰি তুলিছে সত্ৰনগৰী বৰপেটা ৷

লগতে পঢ়ক : পুতলা থিয়েটাৰ পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস এটি শিল্পী দম্পতীৰ

Last Updated : Nov 4, 2021, 8:35 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.