বৰপেটা, 6 আগষ্টঃ বৰপেটা চহৰত পুনৰ ধন লুটৰ ঘটনা ৷ বৰপেটা মুছলিমপট্টিৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পথৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে 1 লাখ 18 হাজাৰ টকা ৷ বাঘবৰৰ ধামাপাৰা চৰৰ ৰফিকুল ইছলামৰ পৰা দুই দৃৰ্বৃত্তই কাঢ়ি নিয়ে টকাখিনি ৷ এখন পালচাৰ বাইকত অহা দুই দুৰ্বৃত্তই ব্যৱসায়ীজনৰ টকাৰ মোনাটো কাঢ়ি লৈ পলায়ন কৰে ৷ ব্যৱসায়ীজনে মৰাপাট ক্ৰয় কৰাৰ বাবে ষ্টেট বেংকৰ পৰা উলিয়াইছিল 3 লাখ 24 হাজাৰ টকা ৷ বাকী টকাখিনি পকেটত লোৱাৰ বিপৰীতে,এশ টকীয়া বাণ্ডিলৰ 1 লাখ 18 হাজাৰ টকা এটা মোনাত ভৰাই আনিছিল ব্যৱসায়ীজনে ৷ পিছে ব্যৱসায়ীজনে মুছলিমপট্টিৰ এখন দোকানত সোমোৱাৰ লগে লগে তীব্ৰ বেগত পালচাৰ মটৰ চাইকেলত অহা দুই দুৰ্বৃত্তই টকাৰ মোনাটো কাঢ়ি লৈ পলায়ন কৰে ৷ ঘটনাটোক লৈ বৰপেটা চহৰত সৃষ্টি হৈছে চাঞ্চল্য ৷ উল্লেখ্য,বৰপেটা চহৰত ধন কাঢ়ি নিয়াতো এতিয়া সাধাৰণ ঘটনাত পৰিণত হৈছে ৷ এইক্ষেত্ৰত প্ৰশাসনৰ উদাসীনতাক সমালোচনা কৰিছে স্থানীয় লোকে ৷
বৰপেটাত দিন ডকাইতি - barpeta
জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পথৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে 1 লাখ 18 হাজাৰ টকা ৷ পালচাৰ মটৰ চাইকেলত আহিছিল দুই দুৰ্বৃত্ত
বৰপেটা, 6 আগষ্টঃ বৰপেটা চহৰত পুনৰ ধন লুটৰ ঘটনা ৷ বৰপেটা মুছলিমপট্টিৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পথৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে 1 লাখ 18 হাজাৰ টকা ৷ বাঘবৰৰ ধামাপাৰা চৰৰ ৰফিকুল ইছলামৰ পৰা দুই দৃৰ্বৃত্তই কাঢ়ি নিয়ে টকাখিনি ৷ এখন পালচাৰ বাইকত অহা দুই দুৰ্বৃত্তই ব্যৱসায়ীজনৰ টকাৰ মোনাটো কাঢ়ি লৈ পলায়ন কৰে ৷ ব্যৱসায়ীজনে মৰাপাট ক্ৰয় কৰাৰ বাবে ষ্টেট বেংকৰ পৰা উলিয়াইছিল 3 লাখ 24 হাজাৰ টকা ৷ বাকী টকাখিনি পকেটত লোৱাৰ বিপৰীতে,এশ টকীয়া বাণ্ডিলৰ 1 লাখ 18 হাজাৰ টকা এটা মোনাত ভৰাই আনিছিল ব্যৱসায়ীজনে ৷ পিছে ব্যৱসায়ীজনে মুছলিমপট্টিৰ এখন দোকানত সোমোৱাৰ লগে লগে তীব্ৰ বেগত পালচাৰ মটৰ চাইকেলত অহা দুই দুৰ্বৃত্তই টকাৰ মোনাটো কাঢ়ি লৈ পলায়ন কৰে ৷ ঘটনাটোক লৈ বৰপেটা চহৰত সৃষ্টি হৈছে চাঞ্চল্য ৷ উল্লেখ্য,বৰপেটা চহৰত ধন কাঢ়ি নিয়াতো এতিয়া সাধাৰণ ঘটনাত পৰিণত হৈছে ৷ এইক্ষেত্ৰত প্ৰশাসনৰ উদাসীনতাক সমালোচনা কৰিছে স্থানীয় লোকে ৷
বৰপেটা, ৬ আগষ্টঃ বৰপেটা চহৰত পুনৰ ধন লুটৰ ঘটনা ৷ বৰপেটা মুছলিমপট্টীৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পথটোৰ পৰা দুবৃত্তই কাঢ়ি নিলে ১ লাখ ১৮ হাজাৰ টকা ৷ বাঘবৰৰ ধামাপাৰা চৰৰ ৰফিকুল ইছলামৰ পৰা দুই দৃবৃত্তই কাঢ়ি নিয়ে টকাখিনি ৷ Body:এখন পালচাৰ বাইকত অহা দুই দুৰ্বৃত্তই ব্যৱসায়ীজনৰ টকাৰ মোনাখন কাঢ়ি লৈ পলায়ন কৰে ৷ ব্যৱসায়ীজনে মৰাপাট ক্ৰয় কৰাৰ বাবে ষ্টেট বেংকৰ পৰা উলিয়াইছিল ৩ লাখ ২৪ হাজাৰ টকা ৷ বাকী টকাখিনি পকেটত লোৱাৰ বিপৰীতে, একশ টকীয়া বাণ্ডিলৰ ১ লাখ ১৮ হাজাৰ টকা এখন মোনাত ভৰাই আনিছিল ব্যৱসায়ীজনে ৷ পিছে ব্যৱসায়ীজনে মুছলিমপট্টিৰ এখন দোকানত সোমোৱাৰ লগে লগে তীব্ৰ বেগত পালচাৰ মটৰ চাইকেলত অহা দুই দুবৃত্তই টকাৰ মোনাখন কাঢ়ি লৈ পলায়ন কৰে ৷ ঘটনাটোক লৈ বৰপেটা চহৰত সৃষ্টি হৈছে চাঞ্চল্য ৷ উল্লেখ্য, বৰপেটা চহৰত ধন কাঢ়ি নিয়াতো এতিয়া সাধাৰন ঘটনাত পৰিনত হৈছে ৷ এইক্ষেত্ৰত স্থানীয় লোকে প্ৰশাসনৰ নিস্কৃয়তাৰ নিন্দা কৰিছে ৷
Conclusion:বাইটঃ ভূক্তভোগী ব্যৱসায়ীজন ৷
বাইটঃ দুজন প্ৰত্যক্ষদৰ্শী ৷
--- বাপকন দাস, বৰপেটা