ETV Bharat / state

বাঘবৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাত অনিয়মৰ অভিযোগ - প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা

বৰপেটাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণৰ কামত সংঘটিত হৈছে ব্যাপক অনিয়ম । টাকা'কাটাৰ পৰা জাউৰীমাৰীলৈ যোৱা পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগত আমছু আৰু ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ।

বাঘবৰ সমষ্টিত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাত অনিয়ম

author img

By

Published : Apr 29, 2021, 1:05 PM IST

জনীয়া,29 এপ্ৰিল: বৰপেটাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণৰ কামত সংঘটিত হৈছে ব্যাপক অনিয়ম । এই অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজৰ লগতে সোণাবাৰী আঞ্চলিক আমছু‌ৱে ।

বাঘবৰ সমষ্টিত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাত অনিয়ম

উল্লেখ্য যে, অভিযোগ অনুসৰি সমষ্টিটোৰ টাকা'কাটাৰ পৰা জাউৰীমাৰীলৈ যোৱা প্ৰায় ২০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা পথচোৱা চৰকাৰী সকলো‌ নিয়ম উলংঘা কৰি ঠিকাদাৰ ফজল হকে চলাই আছে ব্যাপক দুৰ্নীতি । শিল কমকৈ ব্যৱহাৰ কৰাত লগতে স্থানীয়ভাৱে পোৱা ব্ৰহ্মপুত্ৰৰ বালি এই নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰিছিল ঠিকাদাৰ গৰাকীয়ে ৷ যাৰ ফলত এসপ্তাহৰ ভিতৰতে পকী পিটচৰ মাজে মাজে গজি উঠিছে ঘাঁহ । কেৱল ঘাঁহ গজাই নহয়, চপৰা-চপৰে খহিছে নৱনিৰ্মিত পকী পথচোৱা ৷

পথচোৱাৰ নিৰ্মাণৰ বিসংগতিৰ বাবে স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । পথ নিৰ্মাণত গাফিলতি কৰাৰ অভিযোগত ৰাইজে ঠিকাদাৰ গৰাকীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । লগতে সমষ্টিৰ পথ নিৰ্মাণত অনিয়ম সংঘটিত কৰাত ঠিকাদাৰ আৰু বিষয়া গৰাকীৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজৰ লগতে দল-সংগঠনে সংশ্লিষ্ট বিভাগৰ ঊৰ্ধতম কৰ্তৃপক্ষৰ লগতে গড়কাপ্তানী মন্ত্ৰী গৰাকীক দাবী জনায় ।

লগতে পঢ়ক: বঙাইগাঁৱৰ গোলাপাৰাত জব্দ কাঠফলা মিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.