ETV Bharat / state

সৰ্বানন্দ সোণোৱালক আঁঠু লোৱা মুখ্যমন্ত্ৰী আখ্যা ৰিপুন বৰাৰ - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ৰাজ্যৰ কোনোটো আশ্ৰয় শিবিৰতে প্ৰয়োজনীয় খাদ্য পোৱা নাই বানাক্ৰান্তই ৷ বৰপেটাত বানাক্ৰান্তৰ অৱস্থাৰ বুজ লৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এই অভিযোগ তোলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷

assam flood 2020
assam flood 2020
author img

By

Published : Jul 22, 2020, 1:16 PM IST

বৰপেটা, ২২জুলাই : ৰাজ্যত অব্যাহত আছে ভয়াৱহ বান ৷ বানাক্ৰান্তৰ বাবে ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যতে স্থাপন কৰিছে মাথোঁ ২৪৫ টা আশ্ৰয় শিবিৰ ৷ পিচে ৰাজ্যৰ কোনোটো আশ্ৰয় শিবিৰতে প্ৰয়োজনীয় খাদ্য পোৱা নাই বানাক্ৰান্তই ৷ বৰপেটাত বানাক্ৰান্তৰ অৱস্থাৰ বুজ লৈ এইদৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ৷

assam flood 2020
বান শিৱিৰত ৰিপুন বৰা

বৰপেটা, পাঠশালা, সৰভোগ, কলগাছিয়া, জনীয়া, আদি বিভিন্ন অঞ্চলৰ বান ক্ষতিগ্ৰস্থৰ অৱস্থাৰ বুজ লৈ বানাক্ৰান্তক সাহায্য প্ৰদানৰ ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হোৱা বুলি অভিযোগ তোলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷ চৰকাৰে সকলো ক্ষেত্ৰতে কৰ’ণাক দোহাই দি সাৰি যাব বিচাৰিছে বুলিও অভিযোগ তোলে ৰিপুন বৰাই ৷

assam flood 2020
বন্যাৰ্তক সাহায্য প্ৰদান

ইপিনে ২০১৭ বৰ্ষত অসম ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমৰ বাবে ঘোষণা কৰি যোৱা ২৩০ কোটি টকাৰ বিশেষ পেকেজৰ ধন অসমক প্ৰদান নকৰা বুলিও অভিযোগ তোলে কংগ্ৰেছ নেতাজনে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্ম গাঁও বিন্ধাকটাৰ বান পৰিস্থিতিৰ কথা উল্লেখ কৰি যিজন মুখ্যমন্ত্ৰীয়ে নিজ গাঁওখনকেই ৰক্ষা কৰিব পৰা নাই তেওঁ কিদৰে ৰাজ্যখন ৰক্ষা কৰিব বুলিও সমালোচনা কৰে ৷ ইয়াৰোপৰি কেন্দ্ৰৰ পৰা পুঁজি মোকলাব নোৱাৰাৰ বাবে সৰ্বানন্দ সোণোৱালক আঁঠুলোৱা মুখ্যমন্ত্ৰী আখ্যা দিয়ে ৰিপুন বৰাই ৷

সৰ্বানন্দ সোণোৱালক আঁঠু লোৱা মুখ্যমন্ত্ৰী আখ্যা ৰিপুন বৰাৰ

আনহাতে, অখিল গগৈকে,ধৰি বিভিন্নজনক কাৰাৰুদ্ধ কৰি ৰখা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনক স্বৈৰাচাৰী আৰু একনায়কত্ববাদী চৰকাৰ বুলিও অভিহিত কৰে ৰিপুন বৰাই ৷ অখিল গগৈৰ মুক্তিৰ দাবী তুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৰাজ্য চৰকাৰে এজন মাত্ৰ অখিল গগৈক কিয় ইমান ভয় কৰে বুলিও প্ৰশ্ন তোলে ৷

লগতে পঢ়ক : যোৰহাটত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি 55 বছৰীয়া ব্যক্তিৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.