বৰপেটা, ২৩ এপ্ৰিলঃ বৰপেটাত ৰিগিঙৰ অভিযোগ ৷ বৰপেটা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকে অগপৰ বিৰুদ্ধে তুলিছে ৰিগিঙৰ অভিযোগ ৷ বৰপেটা চহৰৰ দলাহাটী এল পি স্কুল ভোটগ্ৰহণ কেন্দ্ৰ আৰু ৰামকৃষ্ণ মহন্ত এম ই স্কুল ভোটকেন্দ্ৰ দুটাত ৰিগিং হোৱা বুলি অভিযোগ তুলিছে আব্দুল খালেকে ৷
ৰিগিঙৰ অভিযোগ উঠা ভোটকেন্দ্ৰ দুটাত পুনৰ ভোটগ্ৰহণৰ দাবী জনাইছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ৷ বৰপেটা ৰাজীৱ ভৱনত উপস্থিত হৈ মঙলবাৰে আব্দুল খালেকে এই অভিযোগ তোলে ৷ ইপিনে বৰপেটা পৌৰসভাৰ সভানেত্ৰী তুলিকা দাস আৰু উপ পৌৰপতি ৰনজিৎ দাস দীৰ্ঘসময় ধৰি ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত সোমাই থকা বুলিও অভিযোগ তুলিছে খালেকে ৷ এই সম্পৰ্কে জিলা উপায়ুক্তক অভিযোগ দাখিল আব্দুল খালেকৰ ৷